পৰেশ বৰুৱা এজন অপৰাধী, আলফাই কেৱল নিৰীহ লোককহে হত্যা কৰিলেঃ ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী

ATTACHMENT

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

শুকুৰবাৰে বিয়লি প্ৰায় ৩ বজাত বৰডুমচা থানাৰ অৰ্ন্তগত খজুৱা পথাৰত আলফা(স্বাঃ)ৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ শ্বহীদ হোৱা বৰডুমছা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মৃত্যুৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আলফাৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে ৰাজ্যৰ প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী।

আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদ মেলৰ আয়োজন কৰি জন্মলগ্নৰে পৰা আলফাৰ বিৰোধিতা কৰি অহা বিশিষ্ট সাংবাদিক গৰাকীয়ে কয়— ‘আলফাৰ বাবে অসমৰ পৰা ৪৫ হাজাৰ কোটি টকাৰ মূলধন গ’ল। সেই সময়ত আলফাৰ বাবেই অসমৰ পৰা গুচি গ’ল বহু ব্যৱসায়ী। আনকি আলফাৰ বাবেই অসমীয়া ল’ৰাক সন্ত্ৰাসবাদী বুলি ভবা হ’ল।

আনহাতে আলফা প্ৰসংগতে সংবাদ মেলখনত সৰৱ হৈ পৰে সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী। তেওঁ কয় যে পৰেশ বৰুৱাক এজন অপৰাধী। এজনো অসৎ লোকক হত্যা কৰিব নোৱাৰা আলফাই কেৱল নিৰীহ লোককহে হত্যা কৰিলে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও বহুবাৰ আলফা আৰু পৰেশ বৰুৱাক মুকলিকৈ সমালোচনা কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল বিশিষ্ট সাংবাদিক গৰাকীয়ে। শেহতীয়াভাৱে আলফাৰ গুলীত বৰডুমছা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মৃত্যুৰ এদিন পাছতে প্ৰবীণ সাংবাদিক গৰাকীয়ে পুনৰ আলফাত তুলাধূনা দিয়াটো যথেষ্ট তাৎপৰ্যপূৰ্ণ।

অসমীয়া মুছলমানৰ সংৰক্ষণ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে কয় যে আহোমসকল অহাৰ সময়তে অসমলৈ আহিছিল মুছলমানসকলো। কেৱল আক্ৰমণ কৰিবলৈ অহা নাছিল এওঁলোক। ব্যৱসায়–বাণিজ্য, দেশ ভ্ৰমণ আদিৰ বাবেহে আহিছিল অসমলৈ।

অসমীয়া মুছলমানৰ স্বভাৱ-চৰিত্ৰ কিছু পৃথক, অসমীয়া মুছলমানৰ কেৱল নামটোহে মুছলমান, কিন্তু সকলো ফালৰ পৰা তেওঁলোক অসমীয়া। অসমীয়া মুছলমানসকল বঞ্চিত হৈ আহিছে, তেওঁলোকৰ হৈ মাত মাতিব লাগিব আমি। আনহাতে বিধানসভাত ৬গৰাকী অসমীয়া মুছলমান আৰু লোকসভাত এগৰাকী অসমীয়া মুছলমান সাংসদৰ প্ৰয়োজন বুলি মন্তব্য কৰে বিশিষ্ট সাংবাদিকগৰাকীয়ে।

Top of Form