পৰ্যটকৰ কাৰ্যকলাপে অৰুণাচলৰ সোণালী বৌদ্ধ মন্দিৰৰ পৱিত্ৰতা বিনষ্ট কৰিছে

Tourists-activities-affecting-Golden-Pagodas-sanctity

পূব অৰুণাচলৰ নামছাইৰ সোণালী বৌদ্ধ মন্দিৰ (গ’ল্ডেন পাগ’ডা) পৰ্যটকৰ বিশেষ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে। স্থানীয় টাই-খামতি উপভাষাত ইয়াক কোৱা হয় কংমু খাম।

২০১০ চনত ইয়াক ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছিল যদিও বিগত দুবছৰত হঠাতে ইয়ালৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে।

উপ মুখ্যমন্ত্ৰী চাওনা মেইৰ উদ্যোগত নিৰ্মাণ কৰা সোণালী বৌদ্ধ মন্দিৰটো পৰ্যটকৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰ হৈ উঠিছে। অৱশ্যে, ভ্ৰমণকাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত বৌদ্ধ মন্দিৰটো পৰিচালনাৰ ক্ষেত্ৰত কৰ্তৃপক্ষই বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে।

বিশেষকৈ চুবুৰীয়া ৰাজ্য অসমৰ পৰা অহা অনেক পৰ্যটকে বৌদ্ধ মন্দিৰটো পৰিদৰ্শন কৰে। ধলা-শদিয়া দলং মুকলি কৰাৰ পিছত ভ্ৰমণকাৰীৰ সংখ্যা বহুতো বৃদ্ধি পাইছে।

এই বৌদ্ধ মন্দিৰটো থাইলেণ্ড, ম্যানমাৰ আৰু শ্ৰীলংকাৰ দৰে দেশৰ পৰা অহা বৌদ্ধ ভিক্ষুসকলৰ বাবে আশ্ৰয় ঘৰ। গোটেই বিশ্বৰে বৌদ্ধধৰ্মীসকলে এই স্থানলৈ পৰিদৰ্শনৰ বাবে আহে।

সেয়েহে কৰ্তৃপক্ষই বৌদ্ধ সম্প্ৰদায়ৰ বাবে ইয়াৰ গুৰুত্ব সম্পৰ্কে পৰ্যটকসকলক জনোৱাৰ বাবে বিশেষ প্ৰচেষ্টা চলাইছে।

‘’ আমি পৰ্যটকসকলক আদৰণি জনাইছো কিন্তু অঞ্চলটোৰ পৱিত্ৰতাৰ প্ৰতি তেওঁলোকে সন্মান জনোৱাটো আশা কৰিম। প্ৰায়েই ভ্ৰমণকাৰীসকলে মন্দিৰৰ চৌহদৰ ভিতৰত আৱৰ্জনা পেলায়। কেতিয়াবা স্মাৰকসমূহৰ ওপৰত উঠি ফটো তোলে। তেওঁলোকে সম্প্ৰদায়টোৰ বাবে বৌদ্ধ মন্দিৰটোৰ ধৰ্মীয় গুৰুত্ব বুজি নাপায় আৰু নজনাকৈয়ে পৱিত্ৰ স্মাৰকসমূহক অসন্মান প্ৰদৰ্শন কৰে। এইটোৱে ধৰ্মীয় আৱেগত আঘাত কৰাৰ সম্ভাৱনা আছে। সেয়েহে আমি ভ্ৰমণকাৰীসকলক বৌদ্ধ মন্দিৰটোৰ পৱিত্ৰতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাইছো,’’-সোণালী বৌদ্ধ মন্দিৰটোৰ এগৰাকী ধৰ্মগুৰুৱে এইদৰে কয়।

পৱিত্ৰ স্মাৰকসমূহৰ উপৰি সোণালী বৌদ্ধ মন্দিৰটোত ১৩ ফুট উচ্চতাৰ এটা বাঁহৰ বৌদ্ধ মূৰ্তি আছে। এইটো ভাৰতৰ একমাত্ৰ বৌদ্ধৰ বাঁহৰ মূৰ্তি। বৌদ্ধ মন্দিৰটোৰ ভিতৰত আন এটা বৃহৎ বাঁহৰ মূৰ্তি নিৰ্মাণ কৰা হ’ব।

ইয়াৰ মাজতে বগীবিল দলং সম্পূৰ্ণ হৈ উঠাৰ পিছত ভ্ৰমণকাৰীৰ সংখ্যা অভূতপূৰ্বভাৱে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰে, বিশেষকৈ পৰ্যটন বিভাগে সোণালী বৌদ্ধ মন্দিৰটোৰ পৱিত্ৰতা ৰক্ষা কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। পৰ্যটকৰ মাজত ব্যাপক ৰূপত সজাগতা সৃষ্টিয়ে হৈছে ইয়াৰ একমাত্ৰ সমাধান।