কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী চকীৰ অধীনৰ উত্তৰ মাইনাগুৰি গাঁৱত প্ৰায় এসপ্তাহৰ পূৰ্বে ৭ জন ককায়েক-ভায়েকে মিলি নিজ ভাতৃক হত্যা কৰি শৌচাগাৰৰ টেংকীত লুকুৱাই ৰখাৰ ঘটনা শুকুৰবাৰে পোহৰলৈ আহে।
প্ৰাপ্ত তথ্য মতে যোৱা ১১ মাৰ্চ অৰ্থাৎ দেওবাৰে নিশা প্ৰায় ১০ বজাত নিজা বাসগৃহতে তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে আৰু অৱশেষত ৭ ককাই-ভাইৰ লগতে এগৰাকী বৌৱেকে মিলি নিজ ভাতৃক হত্যা কৰে। অৱশ্যে আৰক্ষীয়ে অভিযান চলাই এই ঘটনা পোহৰলৈ আনিবলৈ সক্ষম হয়।
ফকিৰাগ্ৰাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ কুমাৰ ৰয়ে কয় যে তেওঁলোকে উত্তম সূত্ৰধৰ(২৭) নামৰ এজন যুৱকক নিজ পৰিয়ালৰ লোকে হত্যা কৰা বুলি এক খবৰ লাভ কৰে। উক্ত খবৰৰ ভিত্তিতে আৰক্ষীয়ে অনুসন্ধান চলাই যুৱকজনৰ মৃতদেহ শৌচাগাৰৰ টেংকীত লুকুৱাই থোৱা অৱস্থাৰ পৰা দণ্ডাধীশ, আৰক্ষী আৰু স্থানীয় লোকৰ উপস্থিতিত উদ্ধাৰ কৰে।
লগতে আৰক্ষীয়ে উক্ত হত্যাকাণ্ডৰ লগত জড়িত তিনি ককায়েক ক্ৰমে অনন্ত সূত্ৰধৰ, বিষ্ণু সূত্ৰধৰ, গৌতম সূত্ৰধৰ আৰু বৌয়েক মাধৱী সূত্ৰধৰক আত্মগোপন কৰি থকা অৱস্থাৰ পৰা আটক কৰে।
আনহাতে এই হত্যাকাণ্ডৰ লগত জড়িত বাকী কেইজন হত্যাকাৰী তথা মৃত উত্তম সূত্ৰধৰৰ পিতৃ-মাতৃ আৰু বাকী কেইজন ককায়েক বৰ্তমান পলাতক অৱস্থাত আছে যদিও তেওঁলোককো অতি শীঘ্ৰে আটক কৰি উচিত শাস্তি বিহা হ’ব বুলি ভাৰপ্ৰাপ্ত বিষয়া পংকজ কুমাৰ ৰয়ে জানিবলৈ দিয়ে।
অটকাধীন লোক কেইজনে জনোৱা অনুসৰি মৃত উত্তম সূত্ৰধৰ অস্বাভাৱিক প্ৰকৃতিৰ আছিল আৰু কোনো ধৰণৰ কাম-বন নকৰাৰ লগতে নিজ গৃহত প্ৰায়ে কাজিয়াৰ সৃষ্টি কৰিছিল।
ইফালে স্থানীয় ৰাইজে হত্যাকৰীক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে।