‘ফিকি’ৰ সহযোগত গুৱাহাটীত উদ্যোগপতিৰে আলোচনাৰ পাতনি মেলিলে কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী প্ৰভুৱে

suresh prabhu

গুৱাহাটীত উদ্যোগপতিৰে আলোচনাত কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী প্ৰভু

কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী সুৰেশ প্ৰভুৱে প্ৰস্তাৱিত নতুন ঔদ্যোগিক নীতি সম্পৰ্কে উদ্যোগপতিসকলৰ সৈতে দেশজোৰা এলানি আলোচনাৰ পাতনি মেলিছে।

গুৱাহাটীত ২ ফেব্ৰুৱাৰিত এই আলোচনা লানিৰ প্ৰথম বৈঠকখন অনুষ্ঠিত হয়।

ঔদ্যোগিক নীতি আৰু প্ৰসাৰ বিভাগে ফিকি (Federation of Chamber of Commerce and Industry)ৰ সহযোগিতাত আয়োজন কৰা এই অনুষ্ঠানত উত্তৰ-পূবৰ ১২০ গৰাকীতকৈও অধিক উদ্যোগপতিৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভিন্ন চৰকাৰী বিষয়ায়ো অংশগ্ৰহণ কৰে।

কেন্দ্ৰীয় মন্ত্ৰীজনে তেওঁৰ ভাষণত ২৫ বছৰ বিৰতিৰ পিছত হোৱা এই আয়োজনৰ গুৰুত্বৰ সম্পৰ্কত জোৰ দিয়ে।

প্ৰভুৱে গুৰুত্ব আৰোপ কৰে যে এয়ে প্ৰথম বাৰৰ বাবে এক নীতি লোৱা হৈছে যি নীতি ভাৰতীয় উদ্যোগক সঁচা অৰ্থত ভৱিষ্যতৰ বাবে বস্তুনিষ্ঠভাৱে প্ৰস্তুত কৰিবৰ বাবে যুগুতাই উলিওৱা হৈছে।

ইয়াৰ পূৰ্বতে ১৯৫৬ আৰু ১৯৯১ চনত চলোৱা প্ৰচেষ্টা আছিল আদৰ্শ পৰিচালিত আৰু এইসমূহ আৰ্থিক সংকটৰ সময়ত যুগুত কৰা হৈছিল।

তেওঁ কয়, ‘বৰ্তমানৰ এন ডি এ’ চৰকাৰৰ দিনত শাসন পৰিচালনা সংস্কৃতিলৈ অহা পৰিৱৰ্তন স্পষ্ট।’

কেন্দ্ৰীয় মন্ত্ৰীজনে লগতে কয়, ‘উদ্যোগসমূহৰ উদ্বিগ্নতাসমূহৰ বুজ ল’বৰ বাবে আমাৰ চৰকাৰ আগবাঢ়ি আহিছে তাৰ ওলোটাতো হোৱা নাই।’

তেওঁ কয় যে উদ্যোগসমূহৰ বাবে ব্যৱসায় সহজসাধ্য কৰি তোলাৰ ওপৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে।

এই সম্পৰ্কত প্ৰভুৱে উদ্যোগৰ বাবে নিয়মৰ বোজা হ্ৰাস কৰিবৰ বাবে লোৱা বিভিন্ন উদ্যোগ সম্পৰ্কে আলোকপাত কৰে।

তেওঁ লগতে কেন্দ্ৰ-ৰাজ্য সহযোগিতাৰ গুৰুত্ব আৰু আনকি জিলা স্তৰতো পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ কথা ব্যক্ত কৰে।

আলোচনাটোত অসমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত থাকে।

পাটোৱাৰীয়ে দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশপথ হোৱাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱনীয়তাৰ ওপৰত জোৰ দিয়ে আৰু এই ক্ষেত্ৰত চৰকাৰে লোৱা শেহতীয়া উদ্যোগসমূহৰ বিষয়ে উল্লেখ কৰে।

পাটোৱাৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক নতুন ঔদ্যোগিক নীতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।