আজি কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এগৰাকী চকীদাৰে বিদ্যালয়খনৰে এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক বলপূৰ্বক ভাৱে যৌন নিৰ্যাতনৰ চেষ্টা চলোৱা ঘটনাক লৈ অঞ্চলটোত এক উত্তাল পৰিৱেশৰ সৃষ্টি হয়।
উল্লেখযোগ্য যে পুৱাৰ ভাগত বিদ্যালয়খনত এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী উপস্থিত হোৱাৰ পিছতে বিদ্যালয়খনৰ খৰ্গেশ্বৰ দাস নামৰ চকীদাৰজনে ছাত্ৰী গৰাকীক যৌন নিৰ্যাতনৰ চেষ্টা চলায়।
ফলত ছাত্ৰী গৰাকীয়ে নৰাধমটোৰ পৰা নিজকে ৰক্ষা কৰিবলৈ চিঞৰ-বাখৰ কৰাত ঘটনাস্থলীত স্থানীয় ৰাইজ আৰু ছাত্ৰ সংগঠনৰ লোকৰ লগতে ছাত্ৰী গৰাকীৰ অভিভৱাক উপস্থিত হৈ এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে ঘটনাৰ সম্পৰ্কত আৰক্ষীক অৱগত কৰে।
আনহাতে ঘটনাৰ সম্পৰ্কে অৱগত হোৱাৰ লগে লগে ঘটনাস্থলীত নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ ধ্ৰুৱজ্যোতি দাসৰ লগতে মন্দিৰা আৰু বকো থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ সন্দৰ্ভত অনুসন্ধান কৰাৰ লগতে বিদ্যালয়খনৰ চকীদাৰ তথা নৰাধম খৰ্গেশ্বৰ দাসক আৰক্ষীয়ে আটক কৰে।