NORTHEAST NOW (Assamese)

বঙাইগাঁও জিলাৰ আই ভেলী বন সংমণ্ডলত সজাগতা সভা ও বৃক্ষ ৰোপণৰ প্ৰশিক্ষণঃ প্ৰতিগৰাকী হিতাধিকাৰীক ৫০ হাজাৰ টকাৰ চেক প্ৰদান

April 2, 2018 7:04 am · ইয়াছিন আলী
প্ৰতিনিধিত্বমূলক ফটো

দেওবাৰে বঙাইগাঁও জিলাৰ আই ভেলী বন সংমণ্ডলৰ অধীনৰ মানিকপুৰ সামাজিক বনানিকৰণ কাৰ্য্যালয়ত বঙাইগাঁও আৰু ধুবুৰী জিলা সামৰি নাৰ্ছাৰীৰ বাবে  বাছনিকৃত  হিতাধিকাৰীক হাতে-কামে নাৰ্ছাৰী  প্ৰশিক্ষণ দিয়া হয়।

বঙাইগাঁও আৰু ধুবুৰী জিলাৰ ৫০ জন হিতাধিকাৰীৰ লগতে বৃক্ষ ৰোপণত একাংশ উৎসাহীলোকেও   প্ৰশিক্ষণত অংশগ্ৰহণ কৰে।

এই নাৰ্ছাৰী   সজাগতা ও প্ৰশিক্ষণ কাৰ্য্যসূচীত উপস্থিত থাকে জিলা বন বিষয়া নাছিৰ আলী শ্বেইখ, আঞ্চলিক বন বিষয়া অৱনী সিংহ, উপ-আঞ্চলিক বন বিষয়া জগদীশ নাথ, বিট অফিচাৰ শংকৰ বৰ্মনৰ লগতে একাংশ বিষয়া কৰ্মচাৰীয়ে।

দুখনকৈ জিলাৰ পৰা বিধায়কসকলৰ জ্ঞাতাৰ্থে ৫০ গৰাকী  হিতাধিকাৰীক নাৰ্ছাৰীৰ বাবে  চৰকাৰীভাৱে ৫০ হাজাৰকৈ টকাৰ চেক সোমবাৰে প্ৰদান কৰিব বুলি জিলা বন বিষয়াই জনিব দিয়ে।

৫০ হাজাৰ টকাকৈ সাহায্যপ্ৰাপ্ত প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাঁচ হাজাৰ কৈ গছ পুলি লালন-পালন কৰিব লাগিব। কেৱল বৃক্ষৰোপন কৰিলেই নহব, নিয়মানুযায়ী ৰোপন কৰি কেনেদৰে তাক লালন-পালন কৰিব লাগিব তাৰো বিশদ প্ৰশিক্ষণ দিয়া হয় এই সজাগতা সভাত।

এই আঁচনিয়ে বন সংৰক্ষণ লগতে বৃক্ষৰোপন বৃদ্ধি কৰি পৰিৱেশ সুন্দৰ কৰিব বুলি  ৰাইজে আশা ব্যক্ত কৰিছে।

Related News