বঙাইগাঁৱৰ বীৰঝৰা ৰাজহুৱা পুথিভঁড়ালত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আসাম প্ৰেছ কৰেচপণ্ডেণ্টচ ইউনিয়ন চমুকৈ আপকুৰ একাদ্বশ দ্বিবাৰ্ষিক অধিবেশন অনুষ্ঠিত হৈছে। শনিবাৰে পুৱা বৃক্ষৰোপণেৰে আৰম্ভ হোৱা এই অধিবেশনৰ প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা বঙাইগাঁও জিলাৰ উপায়ুক্ত বাবুলাল শৰ্মাই উদ্বোধন কৰে ৷
আনহেত বিয়লিলৈ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ লগতে সন্ধ্যালৈ প্ৰথমখন প্ৰতিনিধি সভা অনুষ্ঠিত হয় য’ত ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰায় চাৰি শতাধিক প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে। আপকুৰ কেন্দ্ৰীয় সম্পাদক হেমন্ত শইকীয়াই আঁত ধৰা আৰু সভাপতি মনোজ সিংৰ পৌৰোহিত্যত অনুষ্ঠিত এই প্ৰতিনিধি সভা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে আপকুৰ প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শইকীয়াই।
আজি পুৱা আপকুৰ সাংগঠনিক পতাকা আৰু আদৰণি সমিতিৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সভাপতি মনোজ সিং আৰু আদৰণি সমিতিৰ সভাপতি তথা কেবিনেট মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে ৷ লগতে আপকুৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি বিশিষ্ট ব্যক্তিৰ দ্বাৰা ২৪ খন পতাকা উত্তোলন কৰা হয় ৷
পিছত বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বঙাইগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া চক্ৰধ্বজ সিংহই ৷
বিয়লিলৈ বীৰঝৰা পাব্লিক লাইব্ৰেৰীৰ প্ৰেক্ষাগৃহত সভাপতি মনোজ সিঙৰ পৌৰোহিত্যত প্ৰথমখন মুকলি সভা আৰু সতীৰ্থ সন্মিলন অনুষ্ঠিত হয় ৷ অনুষ্ঠানত প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শইকীয়া, জনসংযোগৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱা, বিশিষ্ট কণ্ঠশিল্পী সংগীতা কাকতী, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাঙ্কৰ নাথ ,সংখ্যালঘূ ছাত্ৰ সন্থাৰ ৰেজাউল কৰিম, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক দিলীপ বৰা, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অৰুণ কুমাৰ ৰায়ৰ লগতে আন বহু লোকে অংশগ্ৰহণ কৰে।
উক্ত অনুষ্ঠানত আপকুৰ দ্বাৰা প্ৰদান কৰা সাংবাদিকতাৰ বিভিন্ন বঁটা প্ৰদান কৰাৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা ২৫ গৰাকী বিশিষ্ট ব্যক্তিক আপকুৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷
উল্লেখযোগ্য যে বঙাইগাঁৱত অনুষ্ঠিত আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়নৰ একাদশ দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিবেশনৰ সোমবাৰে অনুষ্ঠিত হ’ব লগা দ্বিতীয়খন মুকলি সভাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰিব ৷