উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ পৰা চোৰাংভাবে গাঞ্জাকে ধৰি বিভিন্ন ধৰণৰ নিষিদ্ধ মাদক দ্ৰব্যৰ সৰবৰাহ চলি আছে। আৰক্ষীয়ে চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে তীক্ষ্ণ দৃষ্টি ৰাখিছে যদিও তাৰ মাজতে অব্যাহত আছে গাঞ্জাৰ অবৈধ ব্যৱসায়। পুনৰ তাকেই প্ৰমাণ কৰিলে বদৰপুৰ ৰে’লৱে পুলিচে। মঙলবাৰে নিয়মীয়া তালাচীৰ সময়ত বদৰপুৰ ৰে’লৱে ষ্টেশ্যনত আগৰতলা-ছিয়ালদহ এক্সপ্ৰেছৰ এটা এচি দবাৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমানৰ গাঞ্জা ।
এই এক্সপ্ৰেছখন ১১.৩০ মান বজাত বদৰপুৰ ষ্টেশ্যনত উপস্থিত হোৱাৰ পাছতে ৰে’লৱে আৰক্ষীয়ে নিয়মীয়া তালাচী চলাওতে দবাটোৰ এটা আসনৰ তলত বৃহৎ পৰিমানৰ গাঞ্জাভৰ্তী বেগ এটা প্ৰত্যক্ষ কৰে। লগে লগে আৰক্ষীয়ে গাঞ্জা কঢ়িয়াই অনা লোকজনক আটক কৰাৰ বাবে অনুসন্ধান চলায়। কিন্তু সৰবৰাহকাৰীজন নিৰাপদে সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।
ইফালে ৰে’লৱে আৰক্ষীৰ এটা দল উপস্থিত হৈ গাঞ্জাভৰ্তী বেগটো ৰে’লৱে গভৰ্মেণ্ট আৰক্ষী ষ্টেশ্যনলৈ লৈ আনে। আৰক্ষীয়ে বেগটোৰ পৰা ৯ টা গাঞ্জাৰ পেকেট উদ্ধাৰ কৰে। যাৰ ওজন প্ৰায় ৮ কেজি আৰু ইয়াৰ বজাৰ মূল্য ৪০ হেজাৰ টকাতকৈও অধিক হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
উল্লেখ্য যে ক’ৰ পৰা আৰু ক’লৈকে এই গাঞ্জাখিনি এনেদৰে ৰে’লেৰে আনিছিল সেই কথা এতিয়াও পোহৰলৈ অহা নাই।
এই সংক্ৰান্তত আৰক্ষী বিষয়া ত্ৰিবেদীয়ে কয়, ‘গাঞ্জা সৰবৰাহত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কোনো লোক জড়িত হৈ থকাৰ কথা আমি অস্বীকাৰ কৰিব নোৱাৰো’। ইয়াৰ উপৰি বহিঃৰাজ্যলৈ গাঞ্জা সৰবৰাহৰ বাবে সৰবৰাহকাৰীসকলে বদৰপুৰ ষ্টেশ্যনকে মুখ্য কেন্দ্ৰ হিচাপে বাছি লোৱা বুলিও আৰক্ষীয়ে মন্তব্য কৰে।
আনহাতে ৰে’লৱে আৰক্ষীয়ে জব্দ কৰা বৃহৎ পৰিমানৰ গাঞ্জাখিনিৰ সবিশেষ আবকাৰী বিভাগক জনোৱা হোৱা বুলিও জানিবলৈ পোৱা যায়। ঘটনা সংক্ৰান্তত ৰে’লৱে আৰক্ষীয়ে গাঞ্জা সৰবৰাহৰ মূল অভিযুক্তক আটক কৰাৰ বাবে ইতিমধ্যে অভিযান তীব্ৰতৰ কৰি তুলিছে।