এটা গোপন সূত্ৰৰ পম খেদি ডুমডুমা বন বিভাগ আৰু ডুমডুমা আৰক্ষীয়ে ২ মাৰ্চত ডুমডুমা আৰক্ষী থানাৰ অধীনৰ এটা ডিপোটৰ পৰা দুখন ১৬ চকীয়া কাঠভৰ্তি ট্ৰাক জব্দ কৰে। ট্ৰাককেইখনৰ নম্বৰ হ’ল AS 01 GC 9629 আৰু A 01 DD 3917.
বন বিভাগৰ এটা সূত্ৰই জনোৱা মতে গাড়ীকেইখনৰ চালককেইজন পলাই যায় যদিও গাড়ী দুখনৰ দুজন কৰ্মচাৰীক ধৰিবলৈ আৰক্ষী সক্ষম হয়।
স্থানীয় আৰক্ষীয়ে অধিক অনুসন্ধানৰ বাবে গাড়ীকেইখন আৰু লগতে কাঠখিনিও ডিব্ৰুগড় বন সংমণ্ডলক গতাই দিয়ে, কাৰণ এই অঞ্চলটো ডিব্ৰুগড় বন সংমণ্ডলৰ অধীনত পৰে।
তাৎপৰ্য্যপূৰ্ণভাৱে অৰুণাচলৰ খৰচাঙৰ এম এছ জং নামৰ কাঠ উদ্যোগটোৰ পৰা কাঠ অনা গাড়ীকেইখনে জাগুন বন সমণ্ডলত দিব লগীয়া আন্তঃৰাজ্যিক শুল্ক পোন্ধৰ হাজাৰ ছশ পঁচাশী টকা প্ৰদান কৰিছে। কিন্তু মন কৰিব লগীয়া কথাটো হ’ল গাড়ীকেইখন ধৰা পৰিছে ডুমডুমা-কাকপথাৰ-শদিয়া-নামচাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। কিন্তু জাগুনত যদি শুল্ক দিয়াৰ ৰচিদ আছে, তেন্তে কেনেকৈ গাড়ীখন ডুমডুমাত কেনেকৈ উদ্ধাৰ হৈছে সেই লৈ প্ৰশ্ন উঠিছে।
এই ক্ষেত্ৰত ৰচিদখনৰ বৈধতাক লৈও সন্দেহৰ উদ্ৰেক হৈছে। ৰচিদখনৰ সবিশেষ হ’ল : ৰচিদ বহী নং 17996 ৰচিদ নং ৩ আৰু ইয়াৰ অন্যান্য সবিশেষ footnote AGP-L(I) F.19 No 46/16-17dated 01.04.2018.
উল্লেখযোগ্য যে এই ৰচিদখন আটক কৰা গাড়ীৰ কৰ্মচাৰীকেইজনৰ পৰা পোৱা গৈছে। এই সন্দেহজনক ৰচিদে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বন বিভাগৰ বিষয়াৰ কাঠৰ চোৰাং সৰবৰাহকাৰীৰ সৈতে সম্পৰ্ক থকাৰ কথাকে প্ৰমাণ কৰে বুলি সচেতন মহলে দাবী কৰিছে।
বন বিভাগৰ সূত্ৰই কয় যে মালখিনি ৰাজু মেধি নামৰ ডুমডুমাৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ীৰ। মেধিয়ে অসমৰ লগতে অৰুণাচলতো কাঠৰ ব্যৱসায় চলায়।
অভিযোগ মতে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বন বিভাগৰ বিষয়াৰ সৈতে থকা মিতিৰালিৰ ফলত অঞ্চলটোত কাঠৰ চোৰাং ব্যৱসায়ীৰ শক্তিশালী চক্ৰ এটা সক্ৰিয় হৈ পৰিছে। এই চক্ৰটোৱে একেখন শুল্ক ৰচিদ বাৰে বাৰে ব্যৱহাৰ কৰি কৰ ফাঁকি দি আহিছে।
‘বন বিভাগে মালখিনিৰ বিভিন্ন দিশ পৰীক্ষা কৰিব আৰু সেই মতে কাৰ্য্য ব্যৱস্থা ল’ব।’ ডিব্ৰুগড়ৰ মাণ্ডলিক বন বিষয়া দিলীপ ডেকাই কয়। তেওঁ কয় যে মাল বোজাই কৰি থোৱা দুয়োখন ট্ৰাক অনুসন্ধানৰ বাবে ডিব্ৰুগড়ৰ বন সংমণ্ডললৈ অনা হৈছে।
আনহাতে পূব অসম চাৰ্কলৰ বন সংৰক্ষক ৰঞ্জন কুমাৰ দাসে কয়, ‘কাঠ সৰবৰাহ কৰা নথি আৰু শুল্কৰ ৰচদি আৰু অন্যান্য নথিবোৰো তন্ন তন্নকৈ পৰীক্ষা কৰা হ’ব। এই ক্ষেত্ৰত প্ৰয়োজন হ’লে অৰুণাচল প্ৰদেশৰ সৈতেও তথ্য বিনিময় কৰা হ’ব।’