ৰাজ্যত এতিয়া বান আৰু খহনীয়াৰ তাণ্ডৱ, আন আন ঠাইৰ লগতে যােৱা কিছুদিন ধৰি মৰিগাঁও জিলাৰ লাহৰীঘাটৰ তুলসীবড়িত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্রবল গৰাখহনীয়াত তুলসীবড়ি প্রাথমিক বিদ্যালয়, হাফিজীয়া মাদ্ৰাছা আৰু ১২০ বছৰীয়া জামে মছজিদ জাহ গৈছে।
ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়াত এফালৰ পৰা মানুহৰ ঘৰ-দুৱাৰ, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্রতিষ্ঠান নিশ্চিহ্ন হৈছে। ইতিমধ্যে গৰাখহনীয়াটোৰ ফলত তুলসীবড়ি অঞ্চলৰ কেইবাশ পৰিয়াল গৃহহীন হ’ব লগীয়া হোৱাৰ লগতে খাদ্য আৰু আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিব লগা হৈছে।
উল্লেখযোগ্য যে যােৱা দুদিন ধৰি খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। কিছুদিন পূৰ্বে খহনীয়াত সম্পূৰ্ণৰূপে জাহ গৈছে ১৯৪৪ চনত স্থাপন হােৱা তুলসীবড়ি প্রাথমিক বিদ্যালয়। ইয়াৰ উপৰি গৰাখহনীয়াত জাহ যায় তুলসীবড়ি হাফিজীয়া মাদ্রাছা আৰু জামে মছজিদ।
আনহাতে খহনীয়াৰ ফলত যিকোনাে মুহর্ততে তুলসীবড়ি মধ্য ইংৰাজী বিদ্যালয় জাহ যাব পাৰে। যাৰ ফলত প্রাথমিক বিদ্যালয়খনত অধয়্যনৰত প্রায় দুই শতাধিক ছাত্র-ছাত্রীৰ ভৱিষ্যৎ কি হ’ব তাক লৈ অভিভাৱক তথা শিক্ষক-শিক্ষয়ত্ৰীসকল চিন্তিত হৈ পৰিছে।
শেহতীয়াকৈ জলসম্পদ বিভাগ আৰু গ্রামােন্নয়ন বিভাগৰ উদ্যোগত খহনীয়া তৎকালীনভাৱে প্ৰতিৰােধৰ বাবে জিঅ’ বেগ লান্সিঙৰ ব্যৱস্থা কৰিছে যদিও ইয়াক লৈ নৈপৰীয়া ৰাইজ সন্তুষ্ট নহয়।
ইতিমধ্যে এই খহনীয়াত শস্য শ্যামলা পথাৰ জাহ যােৱা লগতে যোৱা শনিবাৰে ঈদৰ নামাজ পঢ়া ঈদগাহ ময়দানো সম্প্ৰতি বৰলুইতৰ বুকুত নিশ্চিহ্ন হৈ পৰিছে।