বিজেপিত যোগদানৰ চেষ্টা চলোৱা বাতৰিক ভিত্তিহীন আখ্যা প্ৰকান্ত ৱাৰিচাৰ

প্ৰতিনিধিত্বমূলক ছবি

ডিমা হাচাও জিলা বিজেপি সভাপতি নিপ’লাল হোজাইয়ে প্ৰকান্ত ৱাৰিচা আৰু দেৱজিত থাউচেনে বিজেপিত যোগদানৰ বাবে প্ৰচেষ্টা চলোৱা বুলি সংবাদ মাধ্যমযোগে প্ৰকাশ কৰাত ইয়ে পাৰ্বত্য জিলাখনৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

শনিবাৰে নৰ্থ ইষ্ট নাওত ‘দেৱজিত-প্ৰকান্তই বিজেপিত যোগদানৰ প্ৰচেষ্টা চলাইছে’ শীৰ্ষক বাতৰি প্ৰকাশিত হৈছিল। উক্ত সংবাদৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি  প্ৰকান্ত ৱাৰিচাই কয় যে বিজেপি সভাপতি হোজাইয়ে কৰা মন্তব্য সম্পূৰ্ণ ভাৱে ভিত্তিহীন। হোজাইয়ে নিজৰ দলৰ প্ৰতি আস্থা হেৰুৱাই নীতি বহিৰ্ভূতভাৱে যি মুখেৰে আহিছে মাত মাতি গৈছে।

অগপ নেতা তথা প্ৰাক্তন সাংসদ প্ৰকান্ত ৱাৰিচাই লগতে কয় যে নিপ’লাল হোজাইয়ে অগপ দলৰ নেতা-কৰ্মী সকলৰ সমালোচনা তথা সংবাদ মাধ্যমত মিছা তথ্য তুলি ধৰাৰ পৰিৱৰ্তে পাৰ্বত্য জিলাখনত নিজৰ দলৰ হেৰাই যোৱা ভাবমূৰ্তি ঘূৰাই আনাৰ কাৰণে কাম কৰা উচিত বুলি পৰামৰ্শ দিয়ে।

তেওঁৰ লগতে প্ৰাক্তন চিইএম দেৱজিত থাউচেনে নৰ্থ ইষ্ট নাওক ফোন যোগে কয় যে বিজেপি নেতা নিপ’লাল হোজাইৰ এনে মন্তব্যৰ প্ৰত্যুত্তৰ আদালতৰ মজিয়াত দিয়া হ’ব। এনে ভিত্তিহীন মন্তব্য দাঙি ধৰি ৰাইজক বিপথে পৰিচালিত নকৰিবলৈ তেওঁ লগতে সকীয়াই দিয়ে।