বিজেপিৰ নিৰ্বাচনী প্ৰতাৰণা : জনজাতিকৰণৰ দাবীত ২৩, ২৪ জুলাইত অসম বন্ধ ‘জনগোষ্ঠীয় ঐক্যমঞ্চ’ৰ

27-06-18-Guwahati-Six-indigenous-group-protest-2-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত প্ৰচলন কৰা আৰ্থিক নীতিত বিধ্বস্ত মটৰ পৰিৱহণকাৰীসকলৰ দেশজোৰা চকা বন্ধৰ পিছত এইবাৰ অসমৰ ৬টা জনগোষ্ঠীয় সংগঠনৰ উমৈহতীয়া মঞ্চ জনগোষ্ঠীয় ঐক্যমঞ্চই কাইলৈ ২৩ জুলাইৰ পৰা একেৰাহে দুদিনৰ বাবে অসম বন্ধ আহ্বান কৰিছে।

অসমত শাসনলৈ আহিলে ৬ মাহৰ ভিতৰতে জনজাতিকৰণ কৰিম বুলি ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ আগমুহূৰ্তত নতুন দিল্লীলৈ মাতি নি কেন্দ্ৰৰ বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দি এতিয়া ৰাম ঠগন দিয়াৰ প্ৰতিবাদত ঐক্যমঞ্চই এই বন্ধ আহ্বান কৰিছে।

উল্লেখযোগ্য যে জনজাতিকৰণৰ দাবী ৰাজ্যত পুনৰ জোৰদাৰ হোৱাত জনজাতিকৰণ সন্দৰ্ভত কেন্দ্ৰই গঠন কৰা মডেলিটি সমিতিয়ে যোৱা ২০ জুলাইত দিল্লীত এক বৈঠকৰ আয়োজন কৰিছিল। কিন্তু যোৱা দুটা বছৰে সমিতিয়ে কি কাম কৰিলে জানিব বিচৰাত বৈঠকত কোনো সদুত্তৰ সমিতিয়ে দিব নোৱাৰিলে বুলি  জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিসকলে অভিযোগ কৰিছিল।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ লগতে এই ত্ৰিপাক্ষিক বৈঠকখনত জনগোষ্ঠীকেইটাৰ ৩২ জন প্ৰতিনিধি উপস্থিত আছিল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে অসমৰ ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ ঠিক আগে আগে ২৯ ফেব্ৰুৱাৰিত এই মডেলিটি সমিতিখন গঠন কৰিছিল।

কাইলৈৰ পৰা অসম বন্ধৰ লগতে অহা ৩০ জুলাইত নতুন দিল্লীত গণ প্ৰতিবাদী কাৰ্য্যসূচীও গ্ৰহণ কৰিছে মঞ্চই।

ইফালে জনজাতিকৰণৰ দাবীত যোৱা শুকুৰবাৰৰ পৰা গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত ‘আমৰণ অনশন’ত বহিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থা।

জনগোষ্ঠীয় ঐক্যমঞ্চ জনজাতিকৰণ দাবী কৰা অসমৰ ছটা জনগোষ্ঠীৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ সন্মিলন, সদৌ টাই আহোম ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলন, সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উমৈহতীয়া মঞ্চ।