• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদেশত উদঘাটন ৰূপকোঁৱৰৰ ‘বহু গোপন তথ্য’; ১৭ জুন নহয় জন্ম দিৱস!

এন ই নাও নিউজ by এন ই নাও নিউজ
August 3, 2018 8:02 pm
jyotiprasad agarwala assam
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাধীনতা সংগ্ৰামী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা সম্পৰ্কে স্কটলেণ্ডত গৈ ‘বহু গোপন তথ্য উদঘাটন’ কৰাৰ লগতে শিল্পীজনৰ জন্ম ১৭ জুন নহয় বুলি দাবী কৰিছে অসমৰ গৱেষক পাৰ্থজিৎ বৰুৱাই।

জ্যোতিপ্ৰসাদৰ বিষয়ে গৱেষণা কৰি থকা বৰুৱাই নিজাববীয়াকৈ গৈ স্কটলেণ্ডৰ এদিনবাৰ্গ বিশ্ববিদ্যালয়ত এই তথ্য উদঘাটন কৰা বুলি আজি ৩ জুলাইত দাবী কৰিছে।

Apply Now

‘অসমীয়া চলচ্চিত্ৰৰ জন্মদাতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম ১৯০৩ চনৰ ১৭ জুনত নহয়, ১৯০৩ চনৰ ২ জুলাইতহে। ১৯২৬ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই স্কটলেণ্ডৰ এডিনবৰা (এদিনবাৰ্গ) বিশ্ববিদ্যালয়ত নামভৰ্তি কৰোঁতে নামভৰ্তি পত্ৰত তেওঁ তেওঁৰ জন্মৰ তাৰিখৰ ঠাইত ১৯০৩ চনৰ ২ জুলাই লিখাৰ লগতে তেওঁৰ শিক্ষাগত অৰ্হতাৰ ঠাইত তেজপুৰ চৰকাৰী মাধ্যমিক বিদ্যালয়ৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ বুলি লিখিছিল,’ দাবী পাৰ্থজিৎ বৰুৱাৰ।

ৰূপকোঁৱৰ সম্পৰ্কে ‘অধিক তথ্যৰ বাবে’ তেওঁ নিজে স্কটলেণ্ডলৈ গৈ যুগদ্ৰষ্টাগৰাকীৰ বিষয়ে ‘বহু গোপন তথ্য উদ্ঘাটন’ কৰিছে বুলিও দাবী কৰিছে পুনেস্থিত নেচনেল ফিল্ম আৰ্কাইভ অৱ ইণ্ডিয়াত গৱেষণাৰত চলচ্চিত্ৰ গৱেষকগৰাকীয়ে।

গুৱাহাটী প্ৰেছ ক্লাবত সাংস্কৃতিক সাংবাদিক সন্থা, অসমৰ এক সম্বৰ্ধনা অনুষ্ঠানত বৰুৱাই এই মন্তব্য কৰিছে।

আনহাতে প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ নিৰ্মাণৰ পূৰ্বেই জাৰ্মান প্ৰযোজনা সংস্থা এটাৰ সৈতে মিলি জ্যোতিপ্ৰসাদে ‘শোণিত কুঁৱৰী’ৰ চলচ্চিত্ৰৰূপ দিয়াৰ বাবে চেষ্টা চলোৱাৰ তথ্যও গৱেষকগৰাকীয়ে উদ্ধাৰ কৰিছে বুলি নৰ্থ ইষ্ট নাও-ক জনাইছে আন এক সূত্ৰই।

‘শোণিত কুঁৱৰী’ৰ চলচ্চিত্ৰৰূপ দিয়াৰ সেই প্ৰচেষ্টা সফল হোৱা হ’লে ‘জয়মতী’তকৈ কেইবছৰ মান পূৰ্বেই নিৰ্মিত হ’লহেঁতেন প্ৰথমখন অসমীয়া ছবি।

অসমীয়া চলচ্চিত্ৰৰ জন্মদাতাগৰাকীৰ বিষয়ে আমি এতিয়াও ভুলকৈ জানি আছো বুলিও অনুষ্ঠানটোত ‘ক্ষোভ’ প্ৰকাশ কৰি গৱেষকগৰাকীয়ে।

অনুষ্ঠানটোত সদ্য সমাপিত সপ্তম ৰাজ্যিক চলচ্চিত্ৰ বঁটা সমাৰোহত বঁটা পোৱা সাংস্কৃতিক সাংবাদিক সন্থা, অসমৰ সদস্য তথা জ্যেষ্ঠ সাংবাদিক অৰুণলোচন দাস, শিৱাণু বৰা, গোপাল জালান, বিতোপন বৰবৰা, পাৰ্থজিৎ বৰুৱা, প্ৰাঞ্জল বৰা আৰু ৰাজদ্বীপৰ লগতে সংগঠনটোৰ আন এগৰাকী সদস্য, সাহিত্য একাডেমিৰ শিশু সাহিত্যিকৰ বঁটাপ্ৰাপ্ত যুগললোচন দাসক ফুলাম গামোছা আৰু ফুলাম জাপিৰে সম্বৰ্ধনা জনোৱা হয়।

গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত আগন্তুক দিনত অসমীয়া চলচ্চিত্ৰ আৰু সাংস্কৃতিক সাংবাদিকতাৰ বিষয়ে মুকলি আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ বাবেও কাৰ্য্যকৰী সভাপতি মৃণাল কুমাৰ বৰাই আঁতধৰা অনুষ্ঠানটোত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm
মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

August 22, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd