বিদেশী সন্দেহত ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা অন্নদাবালা ৰায়ক মুকলি কৰি দিয়াৰ নিৰ্দেশ ন্যায়াধীকৰণৰ

অন্নদাবালা ৰায়

যোৱা ২৩ জুনৰ পৰাই ডিটেনশ্যন কেম্পত থকা অন্নবালা ৰায়ক চিৰাং বিদেশী ন্যায়াধীকৰণে আজি মুকলি কৰি দিয়াৰ নিৰ্দেশনা জাৰি কৰে। ভাৰতীয় নাগৰিকত্বৰ নথি থকাৰ পিছতো বিদেশী বুলি সন্দেহ কৰি অন্নদাবালা ৰায়ক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছিল।

অসমৰ মাটিতেই এগৰাকী অসমীয়া মহিলাক বিদেশী সজাই নিজৰ ঘৰৰ পৰা চোঁচৰাই লৈ গৈ কাৰাগাৰত ৰখা এই ঘটনাত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কিন্তু এই ঘটনাক লৈ ৰাজ্যখনৰ জাতীয় সংগঠনসমূহে সৰৱ হৈ নুঠাৰ অভিযোগো উত্থাপন হৈছিল।

উল্লেখযোগ্য যে চিৰাং জিলাৰ অন্নবালা ৰায় নামৰ কোচ-ৰাজবংশী সম্প্ৰদায়ৰ মহিলাগৰাকীক বিদেশী ন্যায়াধীকৰণে ‘ডি’ ভোটাৰ হিচাপে ঘোষণা কৰাৰ পিছত ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰে।

বিদেশী বুলি হাৰাশাস্তিৰ সন্মুখীন হোৱা অন্নদাবালা ৰায়ৰ ঘৰ চিৰাং জিলাৰ  এংকৰবাৰীত। কোচ-ৰাজবংশী সম্প্ৰদায়ৰ এই মহিলাগৰাকীয়ে ১৯৬০ চনৰ মাটিৰ নথি, ভোটাৰ পৰিচয় পত্ৰ, ১৯৮৫ চনৰ ভোটাৰ তালিকা, বিদ্যালয়ৰ প্ৰমাণপত্ৰ আদি নথি দাখিল কৰাৰ পিছতো ঢালিগাঁও আৰক্ষীৰ সীমান্ত শাখাই মহিলা গৰাকীক আটক কৰি নিজ ঘৰৰ পৰা চোঁচৰাই নি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছিল।

আনহাতে, আজি পুৱাৰ ভাগত চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আক্ৰাছুৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছিল। কোচ-ৰাজবংশী লোকক বিদেশী সজাই হাৰাশাস্তি বন্ধ কৰা আৰু অন্নবালা ৰায়ক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত  সংগঠনটোৱে প্ৰতিবাদ সাৱ্যস্ত কৰিছিল।