বিধানসভাৰ সদস্য হিচাপে শপত ল’লে ত্ৰিপুৰাৰ নৱ নিৰ্ৱাচিত বিধায়কসকলে

Biplab-Deb-takes-oath-570x320

ত্ৰিপুৰা বিধানসভাৰ প্ৰ’টেম অধ্যক্ষ ৰতন চক্ৰৱৰ্তীয়ে বৃহস্পতিবাৰে দ্বাদশ ত্ৰিপুৰা বিধানসভালৈ নিৰ্বাচিত বিধায়কসকলক দায়িত্ব আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। বৃহস্পতিবাৰে আগৰতলাৰ বিধানসভা চৌহদত অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানত প্ৰ’টেম অধ্যক্ষগৰাকীয়ে এই কাৰ্য সম্পন্ন কৰে।

মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ আৰু তেওঁৰ কেবিনেট সতীৰ্থ এন চি দেৱবাৰ্মা, ৰতনলাল নাথ, সুদীপ ৰয় বৰ্মন, প্ৰাণজিৎ সিংহ ৰয়, মনোজ কান্তি দেৱকে ধৰি মেৱাৰ কুমাৰ জামাতিয়া আৰু সান্তনা চাকমাকে ধৰি ৰাজ্যখনৰ সৰ্বমুঠ ৫৮ গৰাকী নতুনকৈ নিৰ্বাচিত বিধায়কে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে।

বিৰোধী দলৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰেও চিপিআই (এম)ৰ আন ১৫ গৰাকী বিধায়কৰে সৈতে ত্ৰিপুৰা বিধানসভাৰ বিধায়ক হিচাপে শপত গ্ৰহণ কৰে।

নতুনকৈ নিৰ্বাচিত হোৱা বিজেপি বিধায়ক আৰু আইপিএফটি বিধায়কসকলেও ত্ৰিপুৰা বিধানসভাৰ বিধায়ক হিচাপে শপত লয়।

উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱবাৰ্মা শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত নাছিল কিয়নো তেওঁ চাৰিলাম (জনজাতি সংৰক্ষিত) বিধানসভা সমষ্টিৰ ফলাফল ঘোষণা কৰাৰ পিছত বৃহস্পতিবাৰেহে তেওঁ বিধায়ক হিচাপে তেওঁ ত্ৰিপুৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল।