NORTHEAST NOW (Assamese)

বিধায়িকা হিচাপে পদত্যাগ কৰিলে দক্ষিণ তুৰা সমষ্টিৰ আগাথা চাংমাই

July 2, 2018 11:08 pm · এন ই নাও নিউজ
নিৰ্বাচনী বিজয়ৰ পিছত সমৰ্থকৰ সৈতে আনন্দ উৎসৱত ভাগ লোৱাৰ সময়ত আগাথা ছাংমা

তুৰা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা দক্ষিণ তুৰা সমষ্টিৰ বিধায়িকা এন পি পিৰ আগাথা চাংমাই মেঘালয় বিধানসভা সদস্য পদৰ পৰা পদত্যাগ কৰিছে।

মেঘালয় বিধানসভা আয়ুক্ত সচিব এন্দ্ৰীউ চিমনছে আজি এই কথা সদৰী কৰি কয় যে বিধানসভাৰ অধ্যক্ষ ডংকুপাৰ ৰয়ে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে।

আজিৰ এই পদত্যাগৰ জৰিয়তে যোৱা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত দক্ষিণ তুৰা সমষ্টিৰ পৰা জয়লাভ কৰা আগাঠাই তেওঁৰ ভাতৃ তথা মুখ্য মন্ত্ৰী কনৰাড চাংমাক মুখ্য মন্ত্ৰীৰ দায়িত্ব চলাই যোৱাৰ উদ্দেশ্যে উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পথ এৰি দিয়ে।

উল্লেখযোগ্য যে এন পি পিৰ ৰাষ্ট্ৰীয় সভাপতি, মুখ্য মন্ত্ৰী কনৰাড চাংমা বৰ্তমান তুৰা লোকসভা সমষ্টিৰ সাংসদ।

আনহাতে যোৱা ২১ জুনতো জ্যেষ্ঠ কংগ্ৰেছী বিধায়ক মাৰ্টিন এম ডাংগোৱে ৰানিকৰ সমষ্টিৰ পৰা পদত্যাগ কৰিছিল। এন পি পিত যোগদান কৰিবলগীয়া ডাংগোৱে ৰানিকৰ বিধানসভা আসনৰ বাবে হ’বলগীয়া উপ-নিৰ্বাচনত এন পি পিৰ হৈ টিকত বিচৰাৰ কথা।

আগাঠা আৰু ডাংগোৰ পদত্যাগে ৬০ জনীয়া মেঘালয় বিধানসভাত এতিয়া সদস্যৰ সংখ্যা ৫৮লৈ হ্ৰাস কৰিলে।

Related News