• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত জে পি চিৰ শাসকীয় দলৰ সদস্যই বিশেষ ভূমিকা ল’ব : ভুৱনেশ্বৰ কলিতা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 20, 2018 8:46 pm
Bhubaneswar-Kalita
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘যুটীয়া সংসদীয় কমিটিৰ অধিকাংশ সদস্যই শাসক দলৰ। তেখেতসকলে যদি এই বিধেয়কখন গৃহীত কৰিব খোজে তেন্তে তেওঁলোকে এইক্ষেত্ৰত পাৰিব, কাৰণ তেওঁলোকৰ সংখ্যা বিৰোধীৰ তুলনাত বেছি আছে।‘

বুধবাৰে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই মন্তৱ্য কৰে যুটীয়া সংসদীয় কমিটিৰ সদস্য তথা ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই।

Apply Now

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ যুটীয়া সংসদীয় সমিতিৰ সদস্য হৈয়ো কোনোদিনে সংবাদ মাধ্যমত নিজৰ মতামত প্রকাশ নকৰা সাংসদ ভুৱনেশ্বৰ কলিতাই আজি নৰ্থ ইষ্ট নাওৰ সন্মুখত এই বিধেয়কখনৰ সম্পূৰ্ণ বিৰুদ্ধে তেওঁৰ স্থিতি থকা বুলি কোৱাৰ উপৰিও যুটীয়া সংসদীয় কমিটিত থাকিলেও এই বিলৰ বিৰুদ্ধে যুঁজি যাব বুলি কয়।

উল্লেখযোগ্য যে সত্ৰ মহাসভাই নাগৰিকত্ব সংশোধনী বিধেয়কখন সমৰ্থন কৰাৰ বিষয়টো কলিতাৰ জৰিয়তেই প্ৰকাশ পোৱা বুলি জানিব পৰা গৈছিল।

আনহাতে, যুটীয়া সংসদীয় কমিটিত বিধেয়কখনৰ বিৰোধিতা কৰা সদস্যৰ সংখ্যা কম হ’লেও বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্ৰত তেওঁলোকে আপত্তি কৰিব বুলিও আমাৰ আগত জানিবলৈ দিয়ে।

‘বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্ৰত আপত্তি দৰ্শোৱা সদস্যৰ সংখ্যা বৰ্তমান সঠিক ৰূপত ক’ব নোৱাৰি,’-এইবুলি কৈ তেওঁ লগতে কয়, ‘বৰ্তমানলৈকে বিধেয়কখনক লৈ যুটীয়া সংসদীয় কমিটিত বিতৰ্ক হোৱা নাই। শেষৰ প্ৰতিবেদন প্ৰস্তুতিৰ কাম যেতিয়া আৰম্ভ হ’ব তেতিয়া এই বিতৰ্ক অনুষ্ঠিত হ’ব।

তদুপৰি, তথ্য-পাতি সংগ্ৰহৰ পিছত প্ৰতিবেদন কি আকাৰত যুটীয়া সংসদীয় কমিটিত পৰে, সেইটো চাই লৈ  বিৰোধিতা কৰাসকলে কি ভূমিকা ল’ব সেই বিষয়ে ঠিক কৰা হ’ব বুলিও কলিতাই আমাক অৱগত কৰে।

তেওঁ লগতে বিধেয়কখনৰ সম্পূৰ্ণৰূপে বিৰোধিতা কৰি কয়, ‘এই বিধেয়কখন গৃহীত হ’লে বিভাজনমূলক পৰিবেশৰ সৃষ্টি হ’ব। অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত অসমৰ জনসাধাৰণৰ মাজত শান্তি-সম্প্ৰীতি আৰু ঐক্যতা ঘূৰি আহিছিল। এই বিধেয়কখন উত্থাপিত হোৱাৰ পাছতেই ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত বিভাজন আহিব ধৰিছে।‘

তেওঁ লগতে কয়, ‘ধৰ্মীয় বিভাজন এটাও আহিব ধৰিছে। এই বিধেয়কখন সংহতিমূলক নহয়, তাৰ বিপৰীতে এক বিসংগতিমূলক পৰিস্থিতিহে আমি দেখিবলৈ পাইছো।‘

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কখনক কেন্দ্ৰ কৰি বৰ্তমালৈকে যুটীয়া সংসদীয় কমিটিৰৰ আলোচনা সম্পূৰ্ণ হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে বিধেয়কখনক লৈ এতিয়াও বিভিন্ন দিশ অধ্যয়ন কৰিবলৈ বাকী আছে।

তাৎপৰ্য্যপূৰ্ণভাৱে ৰাজ্যিক বিজেপি তথা ৰাজ্য চৰকাৰৰ ফালৰ পৰা যুটীয়া সংসদীয় কমিটিৰ সন্মুখত কোনোধৰণৰ মতামত নৰখা বিষয়টোত তেওঁ দুখ প্ৰকাশ কৰি কয়, ‘ কংগ্ৰেছ, অগপ, এ আই ইউ ডি এফ, কমিউনিষ্ট পাৰ্টীকে ধৰি অন্যান্য দল-সংগঠনে নিজৰ মতামত তথা বক্তৱ্য প্ৰকাশ কৰিছে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd