কোকৰাঝাৰ-ধুবুৰী জিলাৰ সীমান্তৱৰ্তী তথা বিলাসীপাৰা সদৰ চহৰৰ সমীপৱৰ্তী মালগাঁও বগুলাউৰাত আজি এগৰাকী ধৰ্ষিতাৰ পিতৃয়ে চিপ লৈ আত্মহত্যা কৰে।
উল্লেখযোগ্য যে বুধবাৰে আজিজুল হক নামৰ লম্পট যুৱকজনে সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ বাবে দুখত ভাগি পৰি ছাত্ৰী গৰাকীৰ পিতৃয়ে বৃহস্পতিবাৰে আত্মহত্যাৰ দৰে পথ বাচি লয়।
প্ৰাপ্ত তথ্য মতে আজিজুল হক নামৰ এগৰাকী লম্পট যুৱকজনে বুধবাৰে বিয়লিৰ ভাগত সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকীক অপহৰণ কৰে। লম্পট যুৱকজনে ছাত্ৰীগৰাকীক অপহৰণ কৰি প্ৰথমে পাহাৰীয়া অঞ্চল কৈমাৰীলৈ নি ধৰ্ষণ কৰে।
অৱশ্যে নিশা কোনোমতে দুৰ্ভগীয়া তথা ধৰ্ষিতা ছাত্ৰীগৰাকীয়ে লম্পট যুৱকজনৰ কবলৰ পৰা মুকলি হৈ নিজৰ ঘৰত আহি উপস্থিত হয় আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকক অৱগত কৰে।
ফলত ছাত্ৰী গৰাকীৰ পিতৃয়ে লাজ অপমান সহ্য কৰিব নোৱাৰি দুখত ভাগি পৰি আজি চিপ লৈ আত্মহত্যা কৰে।
পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।
আনহাতে বিভিন্ন দল-সংগঠনে এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ পৰিণতিতে সামাজিক মুখলজ্জাৰ ভয়ত পিতৃয়ে কৰা আত্মহত্যা আৰু ধৰ্ষণৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনোৱাৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ পোষকতা কৰিছে।