ৰাজ্যৰ চলচ্চিত্ৰ জগতলৈ বিশিষ্ট অৱদান আগবঢ়াই যোৱা জনপ্ৰিয় অভিনেতা প্ৰয়াত বিজু ফুকনলৈ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে অভিনেতাজনৰ সোঁৱৰণত অসম চৰকাৰে বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।
আজি দাখিল কৰা ২০১৮-১৯ বৰ্ষৰ বাজেট অধিবেশনত ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে।
ইয়াৰ উপৰি বিত্ত মন্ত্ৰী গৰাকীয়ে কলা আৰু সাংস্কৃতিক শিতানলৈ পৰ্যাপ্ত পুঁজি আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰে।
অধিবেশনত শৰ্মাই জ্যোতি চিত্ৰবনৰ উদ্যোগত ৰাজ্যখনত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ আৰু আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰা হ’ব বুলিও উল্লেখ কৰে।
উল্লেখযোগ্য যে যোৱা বৰ্ষৰ ২২ নবেম্বৰত বিজু ফুকনৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু হৈছিল। ৭০ বছৰ বয়সত মৃত্যুবৰণ কৰা অসমৰ যশস্বী অভিনেতা গৰাকীয়ে প্ৰায় ৮০ খন অসমীয়া বোলছবিত অভিনয় কৰিছিল।