আজি বিশ্বনাথ জিলা প্ৰদেশ কংগ্ৰেছে বিশ্বনাথৰ হিমালয় বিবাহ ভৱনত আয়োজন কৰা ইফতাৰ পাৰ্টিত অংশ গ্ৰহণ কৰিবলৈ আহি এটা নিৰ্দিষ্ট টিভি চেনেলৰ সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ দাং খাই উঠে কংগ্ৰেছৰ সভাপতিগৰাকী।
এটা নিদিষ্ট টিভি চেনেলৰ সাংবাদিকে সাংবাদিকতাৰ নামত কালিমা সানিছে বুলি মন্তব্য তেওঁ কৰে। কিয়নো বিজেপিৰ বিৰুদ্ধে বিকল্প চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ সভাপতি গৰাকীয়ে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হলেও আপত্তি নাই বুলি এটা নিদিষ্ট টিভি চেনেলত যোৱা কালি কৰা সম্প্ৰচাৰ এটা সম্পুৰ্ণ অপপ্ৰচাৰ। একমাত্ৰ এটা নিদিষ্ট চেনেলটোতেই এই অপপ্ৰচাৰ চলিছে আৰু এইটো কেৱল টিভি চেনেলটোৰ মনে সজোৱা এক অপপ্ৰচাৰ বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰছৰ সভাপতি গৰাকীয়ে ।
আনহাতে এই ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰি সভাপতি বৰাই কয় যে বৰ্তমান সময়ত ধৰ্মৰ নামত মানুহক ভাগ ভাগ কৰা হৈছে, ধৰ্মৰ নামত সমাজৰ শান্তি সম্প্ৰীতি ভংগ কৰা হৈছে। তেখেতে সমাজৰ ভাতৃত্ববোধৰ এনাজৰীডাল আৰু দৃঢ় হোৱাৰ মানসেৰে আল্লাৰ ওচৰত দোৱা কৰে। তেখেতে আকৌ কয় যে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ আৰু কংগ্ৰেছ দল এটা ধৰ্ম নিৰপেক্ষ দল। সেয়েহে কংগ্ৰেছ দলে সকলো ধৰ্মকে সমান চকুৰে চায়।
বিশ্বনাথ জিলাৰ কংগ্ৰেছ কৰ্মী আৰু ইছলাম ধৰ্মালম্বী লোক সকলক সম্বোধন কৰি আদৰণি ভাষণ আগবঢ়ায় বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই। অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ সঞ্জু বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক প্ৰেমলাল গঞ্জু , উত্তৰ অসম সংখ্যালঘূ কোষৰ উপসভাপতি ফাৰহাদ আহমেদ, বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰা, বিশ্বনাথ জিলা কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সভাপতি আহমেদ আলি বিশ্বনাথ জিলা কংগ্ৰেছৰ উপসভাপতি নিত্য নাৰ্জাৰীকে আদি কৰি বিশ্বনাথ জিলাৰ তিনিওটা বিধানসভা সমষ্টিৰ পৰা অহা খণ্ড আৰু মণ্ডল পৰ্যায়ৰ কৰ্মী সকলৰ লগতে প্ৰায় ন শতাধিক ইছলাম ধৰ্মী লোকে অংশগ্ৰহণ কৰি বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ বাবে আল্লাৰ ওচৰত দোৱা কৰে।