• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বিষ্ণু ৰাভা, জাতীয়তাবাদ আৰু শ্ৰেণীসংগ্ৰাম

শিৱজিত দত্ত by শিৱজিত দত্ত
June 20, 2018 7:02 am
BishnuPrasadDivas

প্ৰতিনিধিত্বমূলক ছবি

144
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিষ্ণুপ্ৰসাদ ৰাভাৰ নিচিনা এক যুগনায়কৰ চিন্তা-ভাৱনা সংক্ৰান্তীয় যিকোনো প্ৰশ্নকে তেওঁৰ সমকালীন সমাজ-বুৰঞ্জীৰ গতি-প্ৰকৃতিৰ পটভূমিতহে বিচাৰ কৰি চাব লাগিব। পাশ্চাত্যৰ সভ্যতা-সংস্কৃতিৰ প্ৰভাৱত আৰু সূদীৰ্ঘ দিনৰ পৰাধীনতাৰ তিক্ত পৰিৱেশত উনবিংশ শতিকাৰ শেষভাগ আৰু কুৰি শতিকাৰ আদিভাগত ভাৰত তথা অসমত যি এক বুৰ্জোৱা জাতীয়তাবাদী নৱজাগৰণৰ উদগিৰণ ঘটিছিল, বিষ্ণুপ্ৰসাদ ৰাভা আছিল সেই ধাৰাৰে অসমৰ প্ৰতিনিধি। জাতীয় গৌৰৱৰ অতীত সমলসমূহৰ পুনৰুদ্ধাৰৰ মাজেদি জাতীয় চেতনা শক্তিমান কৰি তোলাটো আছিল এই নৱজাগৰণৰ অন্যতম কাৰ্যসূচী। উমৈহতীয়া শক্তিশালী শত্ৰু ব্ৰিটিছ সাম্ৰাজ্যবাদৰ সৈতে মোকাবিলা কৰাৰ স্বাৰ্থতে বিচিত্ৰ ভাৰতৰ বিভিন্ন জাতিসত্তাসমূহৰ ঐক্য-সমন্বয়ৰ আৱ্শ্যক আছিল আৰু এনে ঐক্য-সমন্বয়ৰ চেতনা আছিল উক্ত জাতীয়তাবাদৰ অন্য এক গুৰুত্বপূৰ্ণ দিশ। ফলস্বৰূপে, বিহাৰী-নিধন আৰু নেপালী-পিটনৰ কাৰ্যসূচী-সম্বলিত সংকীৰ্ণ উগ্ৰ জাতীয়তাবাদৰ সৈতে উপৰিউক্ত জাতীয়তাবাদৰ আছিল আকাশ-পাতাল প্ৰভেদ।

তেনে এক জাতীয়তাবাদী চেতনাৰ পৰিৱেশৰ পৰা জীপ লৈ তাৰ আৰ্হিতে জীৱনৰ প্ৰথমাৰ্ধত বিষ্ণু ৰাভাই বৃ্হত্তৰ অসম কিম্বা বৰ অসমৰ চিন্তাটো কৰিছিল। তেৱোঁ অসমত শংকৰী চিন্তা আৰু সংস্কৃতিৰ পুনৰুজ্জীৱনৰ মাজেদি, কীৰ্তনঘোষা, নামঘোষাৰ শৌৰ্য্য-বীৰ্য্যৰে, নাট-গীত-নাম-বৰগীতৰ তুৰ্যনাদেৰে আজিৰ অসমৰ সমূহ জনগোষ্ঠী তথা নগা, খাচি, মণিপুৰীকে ধৰি উত্তৰ-পূবৰ সমূহ জাতিকে সামৰি, ঐক্যবদ্ধ কৰি বৰ অসমৰ কাঠাম তৈয়াৰ কৰাৰ কথা ভাবিছিল।

Apply Now

সেই সুবাদতে তেওঁ কৈছিল, “সৰু সৰু জুৰি-নিজৰি উপনৈৰ সমন্বিত শকতিৰ দ্বাৰা যেনেকৈ ব্ৰহ্মপুত্ৰই তাৰ বিশালতা আৰু বিৰাটতা লাভ কৰিছে, ঠিক তেনেকৈ অসমৰ বহুজাতি,উপজাতি আৰু জনজাতিৰ কৃষ্টি-সংস্কৃতি আৰু সাহিত্যয়ো বিশালতা আৰু বিৰাটতা লাভ কৰিছে।” কিন্তু, বৰ্ণহিন্দু অসমীয়াৰ ভাষা-সংস্কৃতিকে জোৰ-জুলুমকৈ অন্যান্য জনগোষ্ঠীৰ ওপৰত জাপি দি ঐক্য-সমন্বয় গঢ়াৰ কথা তেওঁ ভবা নাছিল; বৰং জনগোষ্ঠীসমূহৰ ভাষা-সংস্কৃতিৰ সৈতে আদান-প্ৰদানৰ মাজেদিহে বৃ্হৎ অসমীয়া জাতি নিৰ্মাণৰ সপোন তেওঁ দেখিছিল। বৰ্তমানৰ কেতবোৰ জনগোষ্ঠীৰ বিচ্ছিন্নতাকামী স্বপ্নৰ পৰা ৰাভাৰ এই স্বপ্ন বহুত বেলেগ।

কুৰি শতিকাৰ তৃতীয় দশকত ভাৰতবৰ্ষৰ সামাজিক-ৰাজনৈতিক আকাশত এক নতুন চিন্তা-চেতনাৰ অভ্যূদয় হয়। সেয়া হৈছে মাৰ্ক্সবাদী সাম্যবাদ। পঞ্চম দশকৰ মাজভাগত বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সান্নিধ্যলৈ অহাটোৱেই ৰাভাৰ চিন্তা-চেতনাৰ পৰ্বান্তৰ সূচনা কৰে। মাৰ্ক্সবাদৰ পোহৰত নতুনকৈ তেওঁ উপলব্ধি কৰিলে যে ইংৰাজ-ভাৰতীয়, অসমীয়া-বঙালী, বড়ো-মিচিং– এনে জা্তীয়তাবাদী পৰিচয় আৰু চিন্তা বাস্তৱ পৰিস্থিতিক বুজাৰ আৰু তাক পৰিৱৰ্তন কৰাৰ বাবে যথেষ্ট নহয়। ভাৰতীয়ৰ মাজতে, অসমীয়াৰ মাজতে, বড়োৰ মাজতে শোষকো আছে, শোষিতও আছে; শাসকো আছে, শাসিতও আছে; ধনী-জমিদাৰ-পুঁজিপতিও আছে, হালোৱা-হজুৱা-কৃষক-বনুৱাও আছে। কেৱল ইংৰাজেই শত্ৰু নহয়– “ৰাজ্যে আছে দুইটি পাঠা/ একটি কালো একটি সাদা/ ৰাজ্যেৰ যদি মংগল চাও/ দুইটি পাঠাই বলি দাও।” “বগা পাঠা” ইংৰাজৰ বিৰুদ্ধে জাতীয়তাবাদী চেতনা নিশ্চয় কিছুদূৰ কাৰ্যকৰী। কিন্তু, দুয়ো ৰঙৰ পাঠাৰ বিৰুদ্ধে অৰ্থাৎ বিদেশী পুঁজিপতি আৰু স্বদেশী পুঁজিপতি শোষকৰ বিৰুদ্ধে যুঁজি জয়লাভ কৰিবলৈ জাতীয়তাবাদ বিশেষ কাৰ্যকৰী নহ’ব। সেয়ে শ্ৰেণী চেতনাৰ পোহৰত বৰ অসমৰ চিন্তাটো তেওঁ নতুনকৈ কৰিলে। তেওঁ ক’লে, “যিবিলাক ধনী, জমিদাৰ, হাকিম, পুঁজিপতি, চাহ-বাগিচাৰ মালিক… তেওঁলোক জানো অসমীয়া, তেওঁলোক জানো ভাৰতৰ নাগৰিক? তেওঁলোক অসমীয়া আৰু ভাৰতৰ নাগৰিকো নহয়। পৃথিৱীৰ আন আন দেশৰ সেই একে শোষক সম্প্ৰদায়ৰ তেওঁলোক, যাৰ জাতি নাই, দেশ নাই, কেৱল সুবিধাবাদী, মুনাফাখোৰ, চোৰাংবাজাৰী।”

এটা জাতিসত্তাৰ মূল ভিত্তি তাৰ ভাষা আৰু সংস্কৃতি। কিন্তু, বিষ্ণু ৰাভাই বুজিছিল যে ধনী, জমিদাৰ, পুঁজিপতিচামে অসমীয়া ভাষা-সংস্কৃতি ৰক্ষা নকৰে, বড়ো ভাষা-সংস্কৃতিকো ৰক্ষা নকৰে। তেওঁলোকে অসমীয়া খাৰলি-কাঁহুদি খোৱাৰ পৰিৱৰ্তে বিদেশী পোলাও-চাওমিনৰ জুতি ল’ব; বিহু নচাৰ পৰিৱৰ্তে বিহুনাচ মঞ্চত আৰু আজি-কালি চিডিত চাব; নিজৰ ল’ৰা-ছোৱালীক ইংৰাজী ভাষাত অভ্যস্ত কৰি অসমীয়া ভাষা-সংস্কৃতিৰ পৰা বিচ্ছিন্ন কৰিব। ৰাভাই কল্পনা কৰা বৰ অসম বা বৃ্হত্তৰ অসমৰ ব্ৰহ্মপুত্ৰ-সদৃশ বাৰে ৰহণীয়া ভাষা-সংস্কৃতিৰ ভাৰখন কঢ়িয়াই নিয়ে নিষ্পেষিত-নিপীড়িত হালোৱা-হজুৱা, কৃষক-বনুৱা, তল-মজলীয়া শ্ৰেণীৰ সংখ্যাগৰিষ্ঠ জনতাইহে। গতিকে তেওঁ কৈছে, ‘‘অসমীয়া জাতিৰ মৃত্যুবাণ এই হোজা, দুখীয়া, গাঁৱ্লীয়া অসমীয়াৰ হাততহে!” শোষকক উৎখাত কৰি এই নিষ্পেষিত জনতাৰ উত্থান ঘটিলেহে অসমীয়া জাতিৰো উত্থান ঘটিব। অৰ্থাৎ পৰিণত বয়সত ৰাভাৰ স্পষ্ট উপলব্ধি হৈছিল যে বৰ অসম নিৰ্মাণৰ প্ৰক্ৰিয়া মাৰ্ক্সকথিত শ্ৰেণীসংগ্ৰামৰ পথতহে সম্ভৱ; বিশুদ্ধ জাতীয়তাবাদী পথেৰে নহয়। জাতীয়তাবাদী কাৰ্য-কলাপক শ্ৰেণীসংগ্ৰামৰ সৈতে সমন্বিত কৰি ল’লেহে বগা আৰু ক’লা উভয় পাঠাকে নিধন কৰি বৰ অসম নিৰ্মাণ আৰু কৃষক-বনুৱাৰ মুক্তিৰ যুটীয়া লক্ষ্যত উপনীত হ’ব পৰা যাব।

লেখক তিনিচুকীয়াৰ ডুমডুমা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক।

শিৱজিত দত্ত

শিৱজিত দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd