‘বিষয়া-কৰ্মচাৰীসকলৰ কলমৰ এটা আঁকত জাতিৰ ভৱিষ্যত নিৰ্ভৰ কৰিব’।— এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ।
আজি গুৱাহাটীৰ গণেশগুৰিৰ শ্বহীদ বেদীত অনুষ্ঠিত ‘প্ৰেৰণাৰ দিন’ কাৰ্যসূচীত এনআৰচিৰ উন্নীতকৰণৰ লগত জড়িত বিষয়া-কৰ্মচাৰীসকলক উদ্দেশ্যি ছাত্ৰ নেতা গৰাকীয়ে কয়— এনআৰচি কৰ্মীসকলক জাতিৰ অস্তিত্ব সুৰক্ষিত কৰাৰ স্বাৰ্থত নিষ্ঠাসহকাৰে কাম কৰিব লাগিব। এনআৰচিৰ লগত জড়িত বিষয়া-কৰ্মচাৰীয়ে কেৱল চাকৰিয়ে কৰা নাই, তেওঁলোকে জাতীয় দায়িত্ব পালন কৰিছে।
উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম সম্পূৰ্ণ হ’বলৈ মাজত মাথোঁ ৪৩টা দিন বাকী থকা অৱস্থাত এনআৰচি প্ৰক্ৰিয়াৰ লগত জড়িত বিষয়া-কৰ্মচাৰীসকলক উৎসাহ-প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে আছু আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ উদ্যোগত সমগ্ৰ ৰাজ্যতে আজি ‘প্ৰেৰণাৰ দিন’ পালন কৰা হয়।
এই উপলক্ষে গুৱাহাটীত সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু গুৱাহাটী জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতা, সম্পাদক প্ৰধান ফকৰউদ্দিন আহমেদ প্ৰমুখ্যে দুয়োটা সংগঠনৰ ভালেসংখ্যক বিষয়ববীয়া-কৰ্মী, কেইবাগৰাকীও শ্বহীদ পৰিয়ালৰ সদস্য আৰু ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
অনুষ্ঠানৰ আৰম্ভণিতে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰে জাতীয় শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰে দুয়োটা সংগঠনৰ বিষয়ববীয়া, ছাত্ৰ-ছাত্ৰী তথা উপস্থিত ৰাইজে।
শ্বহীদৰ ত্যাগক ষ্মৰণ কৰি আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয়— ‘বিদেশীৰ নামমুক্ত এখন শুদ্ধ এনআৰচি জাতীয় জীৱনৰ দলিল স্বৰূপ হ’ব। এখন শুদ্ধ এনআৰচি প্ৰস্তুত হ’লেহে শ্বহীদৰ ত্যাগক উচিত মূল্য দিয়া হ’ব’।
একেটা অনুষ্ঠানত ভাষণ আগবঢ়াই কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাই কয়— ‘এনআৰচি প্ৰক্ৰিয়াত নিয়োজিত কৰ্মচাৰীসকলে বিভিন্ন পক্ষৰ পৰা বিভিন্ন সময়ত বাধা আৰু হেঁচাৰ সন্মুখীন হ’বলগীয়া হৈছে। তৎসত্ত্বেও কৰ্মচাৰীসকলে বিদেশীৰ নামমুক্ত এখন শুদ্ধ এনআৰচি প্ৰস্তুতৰ বাবে অহৰহ কাম কৰি গৈছে’। তেওঁ লগতে স্পৰ্শকাতৰ এলেকাত কাম কৰি থকা কৰ্মীসকলক নিৰাপত্তা প্ৰদানৰ বাবে চৰকাৰক দাবী জনায়। জাতিৰ অস্তিত্বৰ সংকটৰ সময়ত কৰ্মচাৰীসকল কেতিয়াও ৰৈ নাথাকে বুলি উল্লেখ কৰি অসম আন্দোলনৰ নিচিনাকৈ ‘দেশতকৈ চাকৰি ডাঙৰ নহয়’ বুলি ওলাই আহিবলৈ কৰ্মচাৰীসকল সদাপ্ৰস্তুত বুলি কলিতাই মত ব্যক্ত কৰে।