বোকাখাতত পুৱতি সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন; নতুন সমিতি গঠন, গ্ৰন্থ উন্মোচন

bokakhat

বোকাখাতৰ পুৱতি সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন ৩১ মে’ত সভাৰ নিজা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷ দিনজোৰা অধিৱেশনৰ পুৱা পতাকা উত্তোলন কৰে সভাপতি কল্পনা চেতিয়াই৷ বৃক্ষ ৰোপণ কৰে প্ৰাক্তন সভাপতি সুৰেন্দ্ৰ নাথ গগৈয়ে৷ বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন সভাপতি যোগেন্দ্ৰ নাথ শৰ্মাই৷ স্মৃতি তৰ্পন কৰে প্ৰাক্তন সভাপতি মনোৰঞ্জন সেন আৰু অপূৰ্ব বৰদলৈয়ে৷ কল্পনা চেতিয়াৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা বিষয় বাচনি সভা উদ্বোধন কৰে প্ৰাক্তন সভাপতি তথা জেষ্ঠ সাংবাদিক ভৱেশ শইকীয়াই৷ বিষয় বাচনি সভাত অপূৰ্ব বৰদলৈক সভাপতি, দিলীপ শইকীয়া আৰু মিনতি দলেক উপ সভাপতি,  গীতাঞ্জলি কলিতাক সম্পাদক, নমিতা বৰা আৰু অমৰ শৰ্মাক সহ সম্পাদক হিচাবে লৈ ২৩ জনীয়া পৰৱৰ্তী কাৰ্যকালৰ বাবে নতুন সমিতি গঠন কৰা হয়৷বিয়লিলৈ কল্পনা চেতিয়াৰ পৌৰোহিত্যতে মুকলি সভা অনুষ্ঠিত হয়৷ মুকলি সভা উদ্বোধন কৰে প্ৰাক্তন সভাপতি নিজৰা বৰঠাকুৰে৷ সাহিত্যিক পেঞ্চনাৰ অন্নদা শইকীয়া,  জেষ্ঠ সাংবাদিক ভৱেশ শইকীয়া আৰু পুতলী খাউণ্ড বিশিষ্ট অতিথি হিচাপে আৰু গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি সুৰেন্দ্ৰ মোহন, সম্পাদক দিলীপ কুমাৰ শৰ্মা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে৷ অনুষ্ঠানত পুৱতি সাহিত্য সভাৰ মুখপত্ৰ পুৱতি উন্মোচন কৰে নুমলীগড় শোধনাগাৰৰ জেষ্ঠ প্ৰৱন্ধক মিন্টু সন্দিকৈয়ে৷ মুকলি সভাতে কল্পনা চেতিয়াৰ গ্ৰন্থ ‘কেঁচা পাতৰ গোন্ধ’, অন্নদা শইকীয়াৰ গ্ৰন্থ ‘স্মৃতিৰ সঁফুৰা’, অগ্নি প্ৰসাদ শৰ্মাৰ গ্ৰন্থ ‘বোকাখাতৰ ইতিহাসত মোৰ এখিলা পাত’, গীতাঞ্জলি কলিতাৰ নাট সংকলন ‘সংলাপ সুৱদী’ আৰু পুতলী খাউণ্ডৰ গ্ৰন্থ ‘কবিতা কুঞ্জ’কে ধৰি ৬ খন গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানৰ আঁত ধৰে সম্পাদক গীতাঞ্জলি কলিতাই৷ মুকলি সভাত বোকাখাতৰ মিচিং সাহিত্য সভা,  চাহ জনগোষ্ঠী সাহিত্য সভা,  নেপালী সাহিত্য সভাৰ প্ৰতিনিধিৰ উপৰিও বোকাখাত আঞ্চলিক ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, বোকাখাত জিলা মইনা পাৰিজাত, সন্ধানী লেখিকা সমাৰোহ, বোকাখাত মহকুমা কবি সন্মিলন, বোকাখাত নাট্য মন্দিৰ আদি সংগঠনৰ সদস্য সকলো উপস্থিত থাকে৷