ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে আজি বোকাখাততো বিভিন্ন দল সংগঠনে কলাগুৰু বিষ্ণু ৰাভা দিৱস উদযাপন কৰে ৷ বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত পুৱতি সাহিত্য সভা, বোকাখাত আঞ্চলিক ছাত্ৰ সন্থা, বোকাখাত জিলা মইনা পাৰিজাত, সাংস্কৃতিক মহা সভা, সন্ধানী লেখিকা সমাৰোহ সমিতি, মিচিং সাহিত্য সভা, চাহ জনগোষ্ঠী সাহিত্য সভা, অসম জাতীয়তাবাদী ছাত্ৰ সন্থা আৰু বোকাখাত মহকুমা কবি সন্মিলনৰ যৌথ উদ্যোগত কেন্দ্ৰীয় ভাৱে বিষ্ণুৰাভা দিৱস উদযাপন কৰা হয় ৷
দিনজোৰা এই বিশেষ অনুষ্ঠানত সহযোগী কেউটা সংগঠনৰ পতাকা উত্তোলন কৰে সংগঠনসমূহৰ সভাপতি সকলে ৷ বিষ্ণু ৰাভাৰ আৱক্ষ মূৰ্তিত মাল্য অৰ্পণ কৰে পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কল্পনা চেতিয়াই। স্মৃতি তৰ্পণ কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা অন্নদা শইকীয়া আৰু সহযোগী সংগঠনৰ সম্পাদক সকলে ৷
আনহাতে, পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈৰ পৌৰহিত্যত এখন আলোচনা সভা অনুষ্ঠিত হয় ৷ সভাখন উদ্বোধন কৰে বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ বিভা বৰাই ৷
সভাত নিদিষ্ট বক্তা হিচাবে অংশগ্ৰহণ কৰি আপকুৰ উপদেষ্টা জ্যেষ্ঠ সাংবাদিক ভৱেশ শইকীয়াই কলাগুৰু ৰ জীৱনৰ ওপৰত আলোকপাত কৰি আলোচনা আগবঢ়ায় ৷ সভাৰ মাজতে বিভিন্নজনে বিষ্ণুৰাভাৰ কবিতা আবৃত্তি আৰু ৰাভা সংগীতো পৰিবেশন কৰে ৷
ৰাভা দিৱসৰ এই কেন্দ্ৰীয় অনুষ্ঠানৰ উপৰিও অসম গোৰ্খা সন্মিলনৰ গোলাঘাট পশ্চিম জিলা সমিতিৰ উদ্যোগতো বোকাখাতৰ গোৰ্খা ভৱনত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয় ৷ গোৰ্খা সন্মিলনৰ জিলা সভাপতি ৰাজু বাহাদুৰ ছেত্ৰীৰ পৌৰহিত্যত অনুষ্ঠিত এই দিৱসৰ মুকলি সভা উদ্বোধন কৰে ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ উপ সভাপতি ললিত চুব্বাই ৷ অনুষ্ঠানত অসম গোৰ্খা সন্মিলনৰ কাৰ্যকৰী সভাপতি কৃষ্ণ ভুজেল উপস্থিত থাকে ৷
ৰাভা দিৱসৰ লগতে কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা আৰু গোলাঘাট পশ্চিম জিলা গোৰ্খা সন্মিলনৰ বাৰ্ষিক অধিবেশনো অনুষ্ঠিত কৰে ৷ ইয়াৰ উপৰিও জনগোষ্ঠীয় সাংস্কৃতিক মঞ্চ অসমৰ উদ্যোগত বোকাখাততো সুৰৰ যাত্ৰাৰে শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰে ৷ বোকাখাতৰ বালিজানৰ মুৰং ঘৰৰ বাকৰিত অনুষ্ঠিত এই সভাত ৰাভা দিৱসৰ লগত সংগতি ৰাখি এক ব্যতিক্ৰমী কাৰ্যসুচী ৰূপায়ণ কৰা হয় ৷