• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতৰ ক্ৰমবৰ্ধমান পথ দুৰ্ঘটনা ৰোধৰ বাবে সাংবাদিকৰ সজাগতা সভা

উত্তম শইকীয়া by উত্তম শইকীয়া
April 23, 2018 2:53 pm
WhatsApp
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতত সংঘটিত হৈ থকা সঘন পথ দুৰ্ঘটনাত নৱ প্ৰজন্মৰ বহু যুৱকে অকালতে প্ৰাণ হেৰুৱাৰ হেতু  বোকাখাতত পথ দুৰ্ঘটনা ৰোধৰ বাবে সোমবাৰে ৰাজপথলৈ ওলায় আহে বোকাখাত মহকুমাৰ সমূহ সাংবাদিক ৷

বোকাখাত মহকুমা সাংবাদিক সন্থা,  বোকাখাত প্ৰেছ ক্লাব আৰু বোকাখাত ইলেক্ট্ৰ’নিকছ মিডিয়া জাৰ্নেলিষ্ট এছ’চিয়েশ্যনৰ বিশেষ উদ্যোগ তথা মহকুমা প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত সোমাবাৰে বোকাখাত নগৰত এক বিশেষ সজাগতা অভিযান চলোৱা হয় ৷ অভিযান কালত সাংবাদিক সকলে পথেৰে যোৱা প্ৰতিগৰাকী  মটৰচাইকেল চালক আৰু গাড়ী চালকক পথ সুৰক্ষাৰ একোটাকৈ বেজ পিন্ধাই পথ সুৰক্ষাৰ নিয়ম সমূহ মানি চলিবলৈ আহ্বান জনায় ৷

Apply Now

সাংবাদিক সকলৰ এই অভিযানত  মহকুমাধিপতি বিবেক শ্যাম, গোলাঘাটৰ আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱ ৰয়, ৰাজহ চক্ৰ বিষয়া খনীন দাস, মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়া, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত, আৰক্ষীৰ যান-বাহন শাখাৰ বিষয়া গোবিন কাকতিৰ লগতে বিভিন্ন দল-সংগঠনেও সহযোগ কৰে ৷

সাংবাদিক সকলৰ লগতে মহকুমাধিপতি আৰু আৰক্ষী অধীক্ষকেও মটৰচাইকেল ৰখাই হেলমেট পৰিধান কৰা, নিচাযুক্ত দ্ৰব্য পৰিহাৰ কৰা আৰু যান-বাহন আইন মানি চলাৰ বাবে যুৱক-যুৱতী সকলক আহ্বান জনায় ৷ আনহাতে পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি সাংবাদিক সকলৰ উদ্যোগত আয়োজিত এই অভিযানে বোকাখাত সজাগতাৰ সৃষ্টি কৰে ৷

উল্লেখযোগ্য যে বোকাখাত নগৰত বাইক ষ্টাণ্ট কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা ১৫ জন যুৱকে আজিৰ এই অভিযানৰ প্ৰতি সঁহাৰি জনাই ভৱিষ্যতে নিয়ন্ত্ৰিত গতিত মটৰচাইকেল চলোৱাৰ বাবে ৰাজহুৱা শপত গ্ৰহণ কৰে ৷ যুৱক কেইজনৰ এই সিদ্ধান্তৰ বাবে মহকুমাধিপতি বিবেক শ্যামে তেওঁলোকক একোটাকৈ কলম প্ৰদান কৰি তেওঁলোকৰ সিদ্ধান্তক আদৰণি জনায় ৷

বোকাখাত নগৰৰ এই অভিযানৰ পাচত সাংবাদিক সকলে মহকুমা প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত বিয়লি নুমলীগড় তিনিআলিতো এই সজাগতা অভিযান চলাই সকলোকে নিয়ন্ত্ৰন গতিত বাইক চলোৱা,  হেলমেট পৰিধান কৰাৰ উপৰি যান-বাহন আইন মানি চলিবৰ বাবে আহ্বান জনায় ৷ উল্লেখ্য যে পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি বোকাখাত আৰু নুমলীগড়ত সোমাবাৰে আৰম্ভ কৰা এই সজাগতা অভিযান পৰৱৰ্তী সময়ত কাজিৰঙাৰ লগতে মহকুমাটোৰ বিভিন্ন প্ৰান্তত চলোৱা হব বুলি জনায় সাংবাদিক সকলে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd