বোকাখাতত সংঘটিত হৈ থকা সঘন পথ দুৰ্ঘটনাত নৱ প্ৰজন্মৰ বহু যুৱকে অকালতে প্ৰাণ হেৰুৱাৰ হেতু বোকাখাতত পথ দুৰ্ঘটনা ৰোধৰ বাবে সোমবাৰে ৰাজপথলৈ ওলায় আহে বোকাখাত মহকুমাৰ সমূহ সাংবাদিক ৷
বোকাখাত মহকুমা সাংবাদিক সন্থা, বোকাখাত প্ৰেছ ক্লাব আৰু বোকাখাত ইলেক্ট্ৰ’নিকছ মিডিয়া জাৰ্নেলিষ্ট এছ’চিয়েশ্যনৰ বিশেষ উদ্যোগ তথা মহকুমা প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত সোমাবাৰে বোকাখাত নগৰত এক বিশেষ সজাগতা অভিযান চলোৱা হয় ৷ অভিযান কালত সাংবাদিক সকলে পথেৰে যোৱা প্ৰতিগৰাকী মটৰচাইকেল চালক আৰু গাড়ী চালকক পথ সুৰক্ষাৰ একোটাকৈ বেজ পিন্ধাই পথ সুৰক্ষাৰ নিয়ম সমূহ মানি চলিবলৈ আহ্বান জনায় ৷
সাংবাদিক সকলৰ এই অভিযানত মহকুমাধিপতি বিবেক শ্যাম, গোলাঘাটৰ আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱ ৰয়, ৰাজহ চক্ৰ বিষয়া খনীন দাস, মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়া, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত, আৰক্ষীৰ যান-বাহন শাখাৰ বিষয়া গোবিন কাকতিৰ লগতে বিভিন্ন দল-সংগঠনেও সহযোগ কৰে ৷
সাংবাদিক সকলৰ লগতে মহকুমাধিপতি আৰু আৰক্ষী অধীক্ষকেও মটৰচাইকেল ৰখাই হেলমেট পৰিধান কৰা, নিচাযুক্ত দ্ৰব্য পৰিহাৰ কৰা আৰু যান-বাহন আইন মানি চলাৰ বাবে যুৱক-যুৱতী সকলক আহ্বান জনায় ৷ আনহাতে পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি সাংবাদিক সকলৰ উদ্যোগত আয়োজিত এই অভিযানে বোকাখাত সজাগতাৰ সৃষ্টি কৰে ৷
উল্লেখযোগ্য যে বোকাখাত নগৰত বাইক ষ্টাণ্ট কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা ১৫ জন যুৱকে আজিৰ এই অভিযানৰ প্ৰতি সঁহাৰি জনাই ভৱিষ্যতে নিয়ন্ত্ৰিত গতিত মটৰচাইকেল চলোৱাৰ বাবে ৰাজহুৱা শপত গ্ৰহণ কৰে ৷ যুৱক কেইজনৰ এই সিদ্ধান্তৰ বাবে মহকুমাধিপতি বিবেক শ্যামে তেওঁলোকক একোটাকৈ কলম প্ৰদান কৰি তেওঁলোকৰ সিদ্ধান্তক আদৰণি জনায় ৷
বোকাখাত নগৰৰ এই অভিযানৰ পাচত সাংবাদিক সকলে মহকুমা প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত বিয়লি নুমলীগড় তিনিআলিতো এই সজাগতা অভিযান চলাই সকলোকে নিয়ন্ত্ৰন গতিত বাইক চলোৱা, হেলমেট পৰিধান কৰাৰ উপৰি যান-বাহন আইন মানি চলিবৰ বাবে আহ্বান জনায় ৷ উল্লেখ্য যে পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি বোকাখাত আৰু নুমলীগড়ত সোমাবাৰে আৰম্ভ কৰা এই সজাগতা অভিযান পৰৱৰ্তী সময়ত কাজিৰঙাৰ লগতে মহকুমাটোৰ বিভিন্ন প্ৰান্তত চলোৱা হব বুলি জনায় সাংবাদিক সকলে ৷