ব্ৰহ্মপুত্ৰ অববাহিকাৰ সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ত চলি থকা দুদিনীয়া আলোচনাত ব্ৰহ্মপুত্ৰৰ খননৰ লগতে ব্ৰহ্মপুত্ৰ এক্সপ্ৰছৱে’ নিৰ্মাণৰ বিষয়টোৱে মুখ্য স্থান পায়।
আলোচনাটোত অনেক ধাৰযুক্ত নদীখনৰ স্বাভাৱিক গতিক নিয়ন্ত্ৰণলৈ অনাৰ ফলত নদীখনৰ পৰিৱেশৰ ওপৰত পৰিব ক্ষতিৰ সন্দৰ্ভত আলোচনা কৰা হয়।
খননৰ কাৰিকৰী দিশ সমূহৰ ওপৰত আলোকপাত কৰি গুৱাহাটীত অৱস্থিত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ(IWAI)ৰ সঞ্চালক এ কে বাঞ্চালে কয়, ‘খনন কাৰ্যক জলজান সমূহৰ চলাচলৰ সুচলতাতে সীমাব্ধ ৰখা হৈছে। আমাৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈছে নৌ পৰিবহণৰ বাবে আটাইতকৈ গভীৰ সুঁতি বিচাৰি উলিওৱা। তাৰ বাবে আমি ৫খন জৰীপ জাহাজ সাজু কৰি ৰাখিছো, জাহাজকেইখনে নদীখনৰ অধ্যয়নৰ বাবে মাহত দুবাৰকৈ কম্পুটাৰাইজড মেপিং কৰিব।’
খননৰ ফলত গোটখোৱা বালি সমূহ এক্সপ্ৰছৱেটোৰ নিৰ্মাণত ব্যৱহাৰ কৰা হ’ব বুলি তেওঁ লগতে উল্লেখ কৰে।
আনহাতে ব্ৰহ্মপুত্ৰ এক্সপ্ৰছৱেৰ বিভিন্ন দিশক সামৰি ৰাজ্যিক জলসম্পদ বিভাগৰ বিষয়া টপোধন দাসে কয়, ‘ খনন কৰা মাটি বালি সমূহ যাতে নদীখনৰ দুয়োটা পাৰে এক্সপ্ৰছৱে’ নিৰ্মাণত ব্যৱহাৰ কৰিব পাৰি তাৰ বাবে মাটি উলিওৱাৰ উদ্দেশ্যে আমি নদীখনক সংকুচিত কৰাৰ ব্যৱস্থা কৰিছো।’
এতিয়ালৈকে প্ৰকাশ পেৱা একমাত্ৰ জৰীপ প্ৰতিবেদনৰ মতে সংকোচনৰ দ্বাৰা ২৩০৭ বৰ্গ কি.মি মাটি উদ্ধাৰ কৰা হ’ব। উক্ত প্ৰকল্পটোৱে নদীখনৰ প্ৰস্থক ২ কিমি লৈকে সীমাবদ্ধ কৰাৰ লক্ষ্য লৈছে।
আনহাতে আইআইটি ৰুৰকীৰ অধ্যাপক নয়ন শৰ্মাই কয়, ‘ খননৰ ফলত নদীখনৰ বেগৰ লগতে ইয়াৰ মূল সুঁতিৰ গেদ বহনৰ ক্ষমতা বৃদ্ধি পাব। ই ধুবুৰীৰ দৰে নামনি অংশত থকা লোকসকলৰ বাবে দুৰ্যোগস্বৰূপ হৈ উঠিব পাৰে।’
শৰ্মাই আৰু কয়, ‘সকলো খুতি-নাতি চালি যাৰি চাইহে এক্সপ্ৰেছৱে’ নিৰ্মাণৰ কামত পৰ্যায়ক্ৰমে আগবাঢ়িব পৰা যাব।’
জানিব পৰা মতে ৬৪,৫৬৪ কোটি টকা ধাৰ্য কৰা এক্সপ্ৰেছৱেটোৰ অহা ৫ৰ পৰা ৭ বছৰত নিৰ্মাণ সম্পুৰ্ণ হৈ উঠিব।