• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঢ়মপুৰত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বর্দ্ধনা এন এছ ইউ আই-যুৱ কংগ্রেছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 18, 2018 1:01 pm
roky nagaon
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ বঢ়মপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ সফলতা লাভ কৰা কৃতী ছাত্ৰ-ছাত্ৰীসকলক দেওবাৰে সমষ্টিটোৰ এন এছ ইউ আই আৰু যুৱ কংগ্ৰেছৰ উদ্যোগত সম্বৰ্ধনা জনোৱা হয়।

তদুপলক্ষে নগাঁও চহৰৰ নিচেই কাষৰীয়া মৰিকলং বৰঘাটৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এখন সভা অনুষ্ঠিত হয়। সভাখনত অংশগ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনে কয় যে- সময়ৰ লগে লগে সমাজ ব্যৱস্থাৰ পৰিবৰ্তন হৈছে। এটা সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল চাবৰ বাবে আমি সেইসময়ৰ বহুল প্ৰচলিত ‘দৈনিক অসম’ কাকতখনৰ বাবে ৰৈ থাকো। আগদিনা ৰেডিঅ’ত, পিচদিনা ‘দৈনিক অসম’ত ওলায়। সকলোৱে পিচদিনা কাকতখনৰ বাবে হেতা-ওপৰা লগায়। কিন্তু বৰ্তমান ইন্টাৰনেটৰ যুগত, তথ্য প্ৰযুক্তিৰ যুগত ঘৰতে বহিয়েই ফলাফল চাব পাৰি। এয়া হৈছে পৰিবৰ্তন। আমি যদি পৰিবৰ্তনৰ লগত খোজ মিলাব নোৱাৰো পিচ পৰি যাম।

Apply Now

প্ৰাক্তন মন্ত্ৰী হুছেইনে কৃতী ছাত্ৰ-ছাত্ৰীসকলক কংগ্ৰেছ চৰকাৰৰ দিনত কম্পিউটাৰ বিতৰণ কৰাৰ কথা উল্লেখ কৰি কয় যে কম্পিউটাৰ বিতৰণৰ পিচতেই ছাত্ৰ-ছাত্ৰীৰ মাজত সুস্থ প্ৰতিযোগিতা হ’ল আৰু ফলাফল ভাল হ’ল। বৰ্তমান চৰকাৰখনে কম্পিউটাৰ বিতৰন কৰাটো বন্ধ কৰিব বিচাৰিছে। আমি চৰকাৰক আহ্বান জনাইছো অন্য শিতানৰ নামৰ ধন কৰ্তন কৰক। কিন্তু ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভাৰ পুৰস্কাৰ স্বৰূপে বিতৰণ কৰা কম্পিউটাৰ বন্ধ নকৰিব।

প্ৰাক্তন মন্ত্ৰীজনে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ প্ৰতিভা নিৰ্বাচন কৰি সেই দিশত আগবাঢ়ি যোৱাৰ আহ্বান জনায়। বিশিষ্ট সমাজসেৱী সুৰেশ বৰাই সভাপতিত্ব কৰা সভাখনত কংগ্ৰেছ নেতা তপন শৰ্মা, হিৰণ্য ভূঞা, শিক্ষাবিদ প্ৰদীপ গোস্বামী, অকন বৰা আদিয়েও ভাষণ দিয়ে।

উল্লেখ্য যে সমাজকৰ্মী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী সুৰেশ বৰাৰ উদ্যোগত প্ৰতিবছৰে কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনাই অহা হৈছে। চলিত বৰ্ষত কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd