নগাঁও জিলাৰ বঢ়মপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ সফলতা লাভ কৰা কৃতী ছাত্ৰ-ছাত্ৰীসকলক দেওবাৰে সমষ্টিটোৰ এন এছ ইউ আই আৰু যুৱ কংগ্ৰেছৰ উদ্যোগত সম্বৰ্ধনা জনোৱা হয়।
তদুপলক্ষে নগাঁও চহৰৰ নিচেই কাষৰীয়া মৰিকলং বৰঘাটৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এখন সভা অনুষ্ঠিত হয়। সভাখনত অংশগ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনে কয় যে- সময়ৰ লগে লগে সমাজ ব্যৱস্থাৰ পৰিবৰ্তন হৈছে। এটা সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল চাবৰ বাবে আমি সেইসময়ৰ বহুল প্ৰচলিত ‘দৈনিক অসম’ কাকতখনৰ বাবে ৰৈ থাকো। আগদিনা ৰেডিঅ’ত, পিচদিনা ‘দৈনিক অসম’ত ওলায়। সকলোৱে পিচদিনা কাকতখনৰ বাবে হেতা-ওপৰা লগায়। কিন্তু বৰ্তমান ইন্টাৰনেটৰ যুগত, তথ্য প্ৰযুক্তিৰ যুগত ঘৰতে বহিয়েই ফলাফল চাব পাৰি। এয়া হৈছে পৰিবৰ্তন। আমি যদি পৰিবৰ্তনৰ লগত খোজ মিলাব নোৱাৰো পিচ পৰি যাম।
প্ৰাক্তন মন্ত্ৰী হুছেইনে কৃতী ছাত্ৰ-ছাত্ৰীসকলক কংগ্ৰেছ চৰকাৰৰ দিনত কম্পিউটাৰ বিতৰণ কৰাৰ কথা উল্লেখ কৰি কয় যে কম্পিউটাৰ বিতৰণৰ পিচতেই ছাত্ৰ-ছাত্ৰীৰ মাজত সুস্থ প্ৰতিযোগিতা হ’ল আৰু ফলাফল ভাল হ’ল। বৰ্তমান চৰকাৰখনে কম্পিউটাৰ বিতৰন কৰাটো বন্ধ কৰিব বিচাৰিছে। আমি চৰকাৰক আহ্বান জনাইছো অন্য শিতানৰ নামৰ ধন কৰ্তন কৰক। কিন্তু ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভাৰ পুৰস্কাৰ স্বৰূপে বিতৰণ কৰা কম্পিউটাৰ বন্ধ নকৰিব।
প্ৰাক্তন মন্ত্ৰীজনে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ প্ৰতিভা নিৰ্বাচন কৰি সেই দিশত আগবাঢ়ি যোৱাৰ আহ্বান জনায়। বিশিষ্ট সমাজসেৱী সুৰেশ বৰাই সভাপতিত্ব কৰা সভাখনত কংগ্ৰেছ নেতা তপন শৰ্মা, হিৰণ্য ভূঞা, শিক্ষাবিদ প্ৰদীপ গোস্বামী, অকন বৰা আদিয়েও ভাষণ দিয়ে।
উল্লেখ্য যে সমাজকৰ্মী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী সুৰেশ বৰাৰ উদ্যোগত প্ৰতিবছৰে কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনাই অহা হৈছে। চলিত বৰ্ষত কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়।