বৰক্ষেত্ৰী সমষ্টিৰ হজ যাত্ৰীক শুভেচ্ছা স্থানীয় বিধায়ক নাৰায়ণ ডেকাৰ

50c03463-31dd-4d60-bfcf-33779c21f492

নলবাৰী জিলাৰ ৬০ নং বৰক্ষেত্ৰী সমষ্টিৰ পৰা ইছলাম ধৰ্মৰ পৱিত্ৰ স্থান মক্কাত হজৰ বাবে যাব লগা হজ যাত্ৰী সকলক আজি বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই সম্ভাষণ তথা শুভেচ্ছা জ্ঞাপন কৰে।

গৃহ সমষ্টি বৰক্ষেত্ৰীস্থিত মুকালমুৱাৰ নিজা বাসগৃহত আয়োজিত এই অনুষ্ঠানত স্থানীয় বিধায়কগৰাকীয়ে সমষ্টিটোৰ পৰা পৱিত্ৰ মক্কালৈ যাবলগীয়া ৪৪জন যাত্ৰীক শুভেচ্ছা প্ৰদান কৰাৰ লগতে বিভিন্ন দিহা–পৰামৰ্শ প্ৰদান কৰা দেখা যায়।

ইয়াৰ উপৰি বিধায়ক নাৰায়ণ ডেকাই হজ যাত্ৰীসকলৰ লগত মত বিনিময় কৰাৰ উপৰি শংকৰ-আজানৰ দেশত যাতে কোনো দিনে কাৰো কোপদৃষ্টি নপৰে তাৰ বাবে সমূহীয়া দোৱা লোৱাৰ লগতে ইছলাম ধৰ্মৰ পৱিত্ৰ স্থান মক্কাত অসমৰ শান্তিৰ হকে দোৱা কৰিবলৈ অনুৰোধ জনায়।

ইফালে আজি আয়োজিত এই শুভেচ্ছামূলক অনুষ্ঠানত বহুতো মুছলমান সম্প্ৰদায়ৰ বিশিষ্ট লোক তথা ধৰ্মীয় লোক উপস্থিত থাকে। আৰু তেওঁলোকেও হজ যাত্ৰীসকলক শুভেচ্ছা প্ৰদান কৰে।

আনহাতে বিধায়কৰ এই কাৰ্যত হজ যাত্ৰীসকলে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে তেওঁলোকে অসমৰ শান্তিৰ হকে মক্কাত দোৱা কৰিব বুলি জনায়।