বৰঝাৰ বিমানবন্দৰৰ সমীপত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোকে থিতাতে প্ৰাণ হেৰুৱাব লগীয়া হয়।
উল্লেখযোগ্য যে এখন দ্ৰুতবেগী আল্ট্ৰা বাছ আৰু মেষ্ট্ৰ’ স্কুটিৰ মাজত সংঘটিত মুখামুখী সংঘৰ্ষৰ ফলত এজন যুৱকে থিতাতে প্ৰাণ হেৰুৱাৰ লগতে আন এজন উৱক গুৰুতৰভাৱে আহত হয়।
প্ৰাপ্ত তথ্য মতে এ এছ ২৫ জি ০০৭২ নম্বৰৰ স্কুটিখনত দুই যুৱকে মিৰ্জাৰ পৰা বৰঝাৰস্থিত বাসগৃহ অভিমুখে গৈ থকা অৱস্থাতে বিপৰীত দিশৰ পৰা অৰ্থাৎ গুৱাহটীৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা এখন আল্ট্ৰা বাছৰ লগত প্ৰচণ্ড জোৰেৰে মুখমুখী সংঘৰ্ষ হয়। ফলত থিতাতে এজন যুৱক নিহত হয়।
আনহাতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত যুৱকজনক স্থানীয় ৰাইজৰ তৎপৰতাত আজাৰা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও অৱস্থা সংকটজনক হোৱাত গুৱাহাটীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।
ইতিমধ্যে ঘটনাস্থলীত আজাৰা আৰক্ষী উপস্থিত হয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বাহন দুখন আজাৰা আৰক্ষী চকীলৈ লৈ যায়। এতিয়ালৈকে দুৰ্ঘটনাত পতিত যুৱককেইজনক চিনাক্ত কৰা হোৱা নাই।