NORTHEAST NOW (Assamese)

বৰডুমচাৰ ঘটনাত নিহতৰ পৰিয়াললৈ ৫ লাখ টকাৰ সাহায্য ঘোষণা মুখ্য মন্ত্ৰীৰ

December 12, 2017 3:21 pm · এন ই নাও নিউজ
Updated: December 12, 2017 3:56 pm

বৰডুমচাত উগ্ৰপন্থীৰ আক্ৰমণত পিতা-পুত্ৰই প্ৰাণ হেৰুওৱা ঘটনাক লৈ সমগ্ৰ ৰাজ্যত প্ৰতিবাদৰ জোৱাৰ উঠিছে। আজি বৰডুমচাত মৰাণ ছাত্ৰ সন্থাই ঘটনাৰ প্ৰতিবাদ তথা চৰকাৰৰ ক্ষিপ্ৰ ব্যৱস্থাগ্ৰহণৰ দাবীত পথ অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰে। কাকপথাৰ আঞ্চলিক আছু আৰু সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থায়ো প্ৰতিবাদী কাৰ্য্যসূচী লৈছে।

আনহাতে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ওৰফে পৰেশ অসমে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে। তেওঁলোকে নিহত অন্তেশ্বৰ মহন্ত আৰু তেওঁৰ পুত্ৰই সেনাৰ হৈ চোৰাংচোৱাগিৰি কৰিছিল বুলি দাবী কৰে। এই ক্ষেত্ৰত পৃষ্ঠভূমি যিয়েই নহওক তেওঁলোকে ক্ষমা নকৰে বুলি ইমেইলটোত কোৱা হৈছে। উল্লেখযোগ্য যে যোৱা প্ৰায় দুমাহ মানৰ পৰা তিনিচুকীয়া জিলাৰ সীমা মূৰীয়া অঞ্চলত আলফাৰ সক্ৰিয়তা লক্ষণীয়ভাৱে বৃদ্ধি পাইছিল। কেইবাখনো বাগিচাৰ কৰ্তৃপক্ষৰ পৰা আলফাই ধন দাবী কৰাৰ লগতে শূন্যলৈ গুলী ফুটাই এক প্ৰকাৰৰ নিজৰ সবল উপস্থিতিৰ কথা প্ৰকাশ কৰি আহিছিল। শেহতীয়াকৈ পোহৰলৈ অহা এক তথ্য মতে নিহত পিতা-পুত্ৰক আলফাই পূৰ্বতে তিনিবাৰকৈ সকীয়াই দিছিল।

https://youtu.be/-kJ-UEsTeVQ

আনহাতে আজি আমগুৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত উপস্থিত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে বৰডুমচাত উগ্ৰপন্থীৰ গুলীত নিহত হোৱা অন্তেশ্বৰ মহন্তৰ পৰিয়ালটোলৈ ৫ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰে।

শেহতীয়া খবৰ মতে বৰডুমচাত কূতাঘাতকাৰীক বিচাৰি আৰক্ষীয়ে ব্যাপক অভিযান চলাই থকাৰ মাজতে ঘটনা সন্দৰ্ভত দিগন্ত শইকীয়া প্ৰাঞ্জল মৰাণ আৰু নৱকান্ত বৰুৱা নামৰ তিনিজনক গ্ৰেপ্তাৰ কৰিছে।

Related News