আৰক্ষী প্ৰশাসন তথা জনপ্ৰতিনিধিৰ চৰকাৰী নিৰাপত্তা ব্যৱস্থাটোৰ প্ৰতি ভেঙুচালিৰ নজিৰ সৃষ্টি কৰি বৰপেটাৰ পৰা খোদ বিধায়কৰে গাড়ী চোৰে লৈ যোৱাৰ প্ৰায় ১৮ ঘণ্টাৰ পিছতো আৰক্ষীৰ হাতত এতিয়ালৈকে নাই ক্লু, নাই একো উত্তৰ। মুখত ক’লা কাপোৰ পিন্ধি অহা চোৰক চিনাক্ত কৰাত চি চি টি ভিয়েও সহায় কৰিব পৰা নাই বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে ৰাজ্যত শেহতীয়াভাৱে বৃদ্ধি পোৱা গাড়ী চুৰিৰ ঘটনাৰ মাজতে এইটো ঘটনাই সাধাৰণ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সন্দৰ্ভত প্ৰশ্নচিহ্নৰ উদ্ৰেক কৰিছে।
জানিব পৰামতে, কালি নিশা বৰপেটা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ আমবাৰী হাটীস্থিত বাসভৱনৰ পৰাই চোৰে নিৰ্বিঘ্নে লৈ যায় এ এছ ০১ বি জেড ০০৩৮ নম্বৰৰ স্ক’ৰপিঅ’ গাড়ীখন। আৰক্ষীৰ সূত্ৰই জনোৱামতে বৰপেটা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে আজি পুৱা নিজৰ বাসভৱনৰ চৌহদত গাড়ীখন নেদেখি হতভম্ব হৈ পৰে। লগে লগে বিধায়কজনে এ এছ ০১ বি জেড ০০৩৮ নম্বৰৰ গাড়ীখন চুৰি হোৱা বুলি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে চুৰি হোৱা গাড়ীখন উদ্ধাৰৰ বাবে বিচাৰ-খোঁচাৰ কৰে যদিও নিশাৰ ভাগত চুৰি হোৱা গাড়ীখন উদ্ধাৰ কৰাত ব্যৰ্থ হয়।
আনহাতে এইবাৰ নিজেই গাড়ী চুৰি চক্ৰৰ বলি হোৱাত আৰক্ষীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে জনপ্ৰতিনিধিজন। তেওঁ বৰপেটা আৰক্ষীৰ ব্যৰ্থতাৰ কথা উল্লেখ কৰি কয় যে বিগত সময়ছোৱাত বৰপেটাৰ পৰা কেইবাখনো গাড়ী চুৰি হয় যদিও আৰক্ষীয়ে গাড়ী চুৰি ৰোধ কৰাত সফল হ’ব পৰা নাই। তেওঁ নিজৰ গাড়ীখনো আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবেই চোৰে নিৰ্বিঘ্নে লৈ যাব পাৰিলে বুলি মন্তব্য কৰে। গাড়ী চুৰি চক্ৰৰ বৃহৎ চক্ৰক ‘ফ্ৰি হেণ্ড’ দিয়া বুলিও বিধায়কজনে আৰক্ষীৰ বিৰুদ্ধে অভিযোগ তোলে।
আনহাতে দেহৰক্ষী, গৃহৰক্ষী থকা জনপ্ৰতিনিধিৰ পৰাই যদি চোৰে গাড়ী উঠাবলৈ সাহস কৰে তথা নিৰ্বিঘ্নে চুৰ কৰি নিব পাৰে, সাধাৰণ মানুহৰ সম্পত্তিৰ কি সুৰক্ষা আছে বুলি প্ৰশ্ন কৰিছে স্থানীয় ৰাইজে?