অসমত অভাৱনীয় হাৰত বৃদ্ধি পাইছে মানৱ সৰবৰাহকাৰী চক্ৰ। দেওবাৰে বৰপেটাত তেনে এক চক্ৰক উৎখাট কৰিবলৈ সক্ষম হয় জিলা আৰক্ষী প্ৰশাসন আৰু বৰপেটা জিলা চাইল্ড লাইনৰ কৰ্মকৰ্তাসকলে। অভিযানকাৰী দলটোৱে ১৫ টাকৈ শিশু আৰু কিশোৰক বহিঃৰাষ্ট্ৰলৈ লৈ যোৱাৰ সময়তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
সৰবৰাহকাৰী চক্ৰটোৱে শিশু-কিশোৰৰ দলটোক পশ্চিমবংগৰে নেপাললৈ নিয়াৰ পৰিকল্পনা কৰিছিল। আৰু তেনে সময়তে এক গোপন সূত্ৰ পৰাৰ লাভ কৰা তথ্য অনুসৰি আৰক্ষীৰ আৰু চাইল্ড লাইনৰ কৰ্মকৰ্তাসকলে শিশু-কিশোৰৰ দলটোক উদ্ধাৰ কৰাৰ লগতে তিনিজন সৰবৰাহকাৰীক আটক কৰে।
এই সন্দৰ্ভত বৰপেটা জিলা আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাই সদৰী কৰা অনুসৰি বৰপেটা আৰু কলগাছিয়া থানাৰ অন্তৰ্গত সংখ্যালঘু অঞ্চলৰ পৰাই ১৫ টাকৈ শিশু-কিশোৰক সৰবৰাহকাৰী চক্ৰটোৱে বহিঃৰাষ্ট্ৰলৈ লৈ যোৱাৰ তথ্য লাভ কৰিছিল। সেই সূত্ৰেই আৰক্ষী আৰু চাইল্ড লাইনৰ কৰ্মকৰ্তাসকলে বিভিন্ন স্থানত অভিযান চলোৱাৰ অন্তত কালি সন্ধিয়া বৰপেটাৰোডৰ পৰা শিলিগুৰিলৈ যোৱা ডব্লিউ বি ৭৩ বি ১৩৯১ নম্বৰৰ মা-মনসা গাড়ীখনৰ পৰা শিশু-কিশোৰৰ দলটোৰ লগতে সৰবৰাহকাৰী কেইজনক আৰক্ষীয়ে আটক কৰে।
উল্লেখ্য যে বিভিন্ন প্ৰলোভন দেখুৱাই বহিঃৰাষ্ট্ৰলৈ নিয়াৰ পৰিকল্পনা কৰা বৰপেটা সদৰ থানাৰ অন্তৰ্গত গগলামাৰীৰ ছিদ্দিক আলী(৬৫), একেখন গাঁৱৰে আতিকুৰ ৰহমান (১৭), আৰু কলগাছিয়াৰ আমীৰ আলী (২৪)ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধা-পোচা অব্যাহত ৰাখিছে।
আৰক্ষী আৰু চাইল্ড লাইনৰ যুটীয়া অভিযানৰ সফলতা সন্দৰ্ভত আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাই কালি সন্ধিয়া বৰপেটাৰোড আৰক্ষী থানাত এখন সংবাদমেল আয়োজন কৰি সকলো তথ্য সদৰী কৰে। সৰবৰাহকাৰী কেইজনে শিশু-কিশোৰৰ দলটোক নেপালত ৫০০ টকা হাজিৰা কামৰ প্ৰলোভন দি নেপাললৈ নিয়াৰ প্ৰস্তুতি চলোৱা বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।