চিণ্ডিকেট বেংক মিত্রৰ ব্যৱসায়িক এলেকাৰ সৰ্ব সাধাৰণ ৰাইজক বেংকৰ বিভিন্ন আঁচনিৰ বিষয়ে সম্যক জ্ঞান প্ৰদানৰ অৰ্থে চিণ্ডিকেট বেংক বৰপেটা মেটুৱাকুছি শাখাৰ সহযোগত জয়পুৰ মিলন বজাৰ বেংক মিত্রৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয়।
আজি ২১ জুলাইৰ আবেলি পাঁচ বজাত জয়পুৰ নুনমাটি চৰ জনপ্ৰিয় প্ৰাথমিক বিদ্যালয় প্ৰাংগণত শিক্ষক ওচমান গনিৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত বৰপেটা মেটুৱাকুছি চিণ্ডিকেট বেংকৰ সহকাৰী শাখা পৰিচালক ৰফিকুল ইছলামে উপস্থিত থাকি চিণ্ডিকেট বেংকৰ নীতি নিয়মৰ লগতে প্ৰধান মন্ত্ৰীৰ জন ধন যোজনা, প্ৰধান মন্ত্ৰী জীৱন জ্যোতি আঁচনি, অটল পেঞ্চন যোজনা, কেচিচি ঋণ, বহী খোলা আদি বিভিন্ন দিশ সাঙুৰি বক্তব্য আগবঢ়ায়।
উক্ত সজাগতা সভাত প্ৰায় তিনি শতাধিক পুৰুষ-মহিলা উপস্থিত থাকি চিণ্ডিকেট বেংক মিত্রত নতুনকৈ এশটা একাউন্ট খোলে।





