বৰ্তমান শাসকগোষ্ঠীয়ে দেশপ্ৰেমৰ নতুন সংজ্ঞা আওৰাই পূৰ্বৰ ব্যৱস্থাটোকেই জাৰি ৰাখিছে : নিত্য বৰা

লক্ষ্মীনাথ ফুকন সাংবাদিকতা বঁটা ২০১৭ গ্ৰহণ কৰিছে নিত্য বৰাই।

জীৱনৰ অধিক সময় ক্ষুদ্ৰ আলোচনী প্ৰকাশ আৰু সম্পাদনৰ সৈতে জড়িত থকা অসমীয়া প্ৰতিদিনৰ সম্পাদক নিত্য বৰাক আজি অসম সাহিত্য সভাই সাহিত্য সভা ভৱনত ‘লক্ষ্মীনাথ ফুকন সাংবাদিকতা বঁটা ২০১৭’ প্ৰদান কৰে।

বঁটা প্ৰদান অনুষ্ঠানটোত বঁটা গ্ৰহণ কৰি সাংবাদিক বৰাই কয় যে বৰ্তমান শাসকগোষ্ঠীয়ে দেশপ্ৰেমৰ নতুন সংজ্ঞা আওৰাই পূৰ্বৰ শোষণমূলক ব্যৱস্থাটোকেই জাৰি ৰাখিছে। এই ক্ষেত্ৰত তেওঁ বিশ্বায়নী অৰ্থনীতিৰ প্ৰয়োজনত বহুজাতিক কৰ্প’ৰেট গোষ্ঠীসমূহেই মূলতঃ চৰকাৰৰ প্ৰধান ৰখীয়া হৈ পৰিছে বুলি কয়। ইয়াৰ উপৰি তেওঁ কয় যে ‘’কংগ্ৰেছ দলে স্বাধীনতাৰ পিছৰে পৰা শাসনত থকা সময়ছোৱাত আৱেগত উটি-ভাহি যোৱা জনসাধাৰণৰ ওপৰত অৰ্ধ ঔপনিৱেশিক শাসন চলাই আহিছে আৰু দেশৱাসীক উন্নয়নৰ সপোনত বন্দী কৰি আহিছিল।

তাৰ পিছত শাসনলৈ অহা বিজেপি চৰকাৰে কংগ্ৰেছৰ পৰম্পৰাগত ঐতিহ্যক অস্বীকাৰ কৰি সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ নামত জনগণক নতুনকৈ দেশপ্ৰেমত উদ্বুদ্ধ কৰাত উঠি-পৰি লাগিছে। কংগ্ৰেছে যিটো কাম স্বাধীনতা সংগ্ৰামৰ ঐতিহ্যৰে মোহাৱিষ্ট জনগণক অন্ধকাৰত ৰাখিছিল, সেইটো কাম সম্প্ৰতি বিজেপিয়ে হিন্দুত্ববাদী ৰাজনীতিৰে দ্ৰুত ৰূপত আগুৱাই লৈ গৈছে।

বৰাৰ মতে স্বাধীনতাৰ পিছৰ সময়ছোৱাত দলিত সকলক নিগ্ৰহ, ধৰ্মীয় সংখ্যালঘু পীড়ন ইত্যাদি নিৰ্মম শোষণ-নিপীড়নৰ ঘটনাবোৰ ধাৰাবাহিকভাৱে ভাৰতত সংঘটিত হৈ আহিছে। তদুপৰি এনে বিপন্ন গণতন্ত্ৰত আজিৰ সাংবাদিকতাৰ দায়বদ্ধতা কি পৰ্য্যায়লৈ গতি কৰিছে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে। এনে পৰিপ্ৰেক্ষিতত বাক স্বাধীনতাৰ ওপৰত গুৰুত্ব ৰাখি সকলোধৰণৰ প্ৰতিৰোধ নেওচি সামাজিক দায়বদ্ধতা পালন কৰি যাবৰ বাবে সংবাদকৰ্মীসকলক তেওঁ আহ্বান জনায়।

আনহাতে তেওঁ অসম সাহিত্য সভাক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে সাংবাদিকতাৰ ক্ষেত্ৰখনত তেওঁৰ কৃতিত্ব তথা সাধনাৰ মাপকাঠী কি আছিল তেওঁ নিজে তত্ ধৰিব পৰা নাই। সাংবাদিকতা তেওঁৰ বৃত্তি নাছিল যদিও জীৱনৰ সৰহখিনি সময় তেওঁ সাংবাদিকতাৰ সৈতে জড়িত হৈয়ে কটালে বুলি স্বীকাৰ কৰে।

আনহাতে ক্ষুদ্ৰ আলোচনী প্ৰকাশ আৰু সম্পাদনা আৰু বাতৰি কাকতৰ স্তম্ভলেখাক যদি সাংবাদিকতা বুলি ধৰা হয়  তেন্তে তেওঁৰ অৱদান তেনেই নগণ্য বুলি নিজৰ মন্তব্যত উল্লেখ কৰে।

উল্লেখযোগ্য যে  নিত্য বৰাই তেখেতৰ কৰ্মজীৱন আৰম্ভ কৰে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদত আৰু পিছলৈ ভাৰতীয় বীমা নিগমতো চাকৰি কৰে। বৰ্তমান তেওঁ অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক পদত আছে। বৰাৰ প্ৰকাশিত দুখন প্ৰৱন্ধ সংকলন হ’ল ‘আত্মঘাতী অসমীয়া’ আৰু ‘দুঃসময়ৰ সময় আৰু অসমীয়া সমাজ’।

নন্দসিং বৰকলাৰ দ্বাৰা সম্পাদিত নিৰ্বাচিত অসমীয়া সাহিত্য পৰিক্ৰমা’ উন্মোচন কৰা হয়।

অসম সাহিত্য সভাৰ উদ্যোগত আয়োজিত এই বঁটা বিতৰণী সভাত নৱ-নিৰ্বাচিত সভাপতি ড০ পৰমানন্দ ৰাজবংশী, প্ৰাক্তন সভাপতি ড০ ধ্ৰুৱজ্যোতি বৰা, সহকাৰী সম্পাদক অবনীমোহন চহৰীয়া, সাহিত্যাচাৰ্য্য কুমুদ শৰ্মাকে ধৰি অন্য বহুকেইজন ব্যক্তি উপস্থিত আছিল।

উল্লেখযোগ্য যে বৰাই সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগ বঢ়োৱা জীৱনজোৰা কৃতিত্ব আৰু সাধনাৰ বাবে আগবঢ়োৱা এই বঁটাৰ সৈতে স্মাৰক, মানপত্ৰ আৰু নগদ ১০,০০০ টকাৰ মাননী আছে।

এই বঁটা বিতৰণী সভাতে বিশিষ্ট সাহিত্যিক নন্দসিং বৰকলাৰ দ্বাৰা সম্পাদিত অসম সাহিত্য সভাৰ শতবাৰ্ষিকী বিশেষ পত্ৰিকা ‘নিৰ্বাচিত অসমীয়া সাহিত্য পৰিক্ৰমা’ শীৰ্ষক গ্ৰন্থখনৰ শুভ উন্মোচন কৰা হয়।