তিনিচুকিয়া জিলাৰ বৰডুমচাত আলফা (স্বা) সৈতে হোৱা সংঘৰ্ষত নিহত ভাস্কৰ কলিতাৰ হত্যাৰ সৈতে জড়িত দোষীক শীঘ্ৰে কৰায়ত্ত কৰিবলৈ মুখ্য মন্ত্ৰীয়ে আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিছে।
আজি এক বিবৃতিৰ জৰিয়তে উক্ত ঘটনাক তীব্ৰ গৰিহণা দি ৰাজ্য চৰকাৰে কোনো ধৰণৰ কূটাঘাটমূলক কাৰ্যকলাপক সহ্য নকৰে বুলি উল্লেখ কৰি সোণোৱালে উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰতৰ কৰিবলৈ আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিয়ে।
আনহাতে উক্ত সংঘৰ্ষত নিহত আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মৃত্যুত গভিৰ সোক প্ৰকাশ কৰি তেওঁ কয় যে উগ্ৰপন্থীৰ বিৰুদ্ধে অত্যন্ত সাহসেৰে যুঁজ দি কলিতাই নিজৰ কৰ্তব্য পৰায়ণতাৰ এক উজ্বল নিদৰ্শন দাঙি ধৰিছে।
প্ৰয়াত কলিতাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
ইয়াৰ উপৰি মুখ্য মন্ত্ৰী গৰাকীয়ে আলফা (স্বা)ৰ সৈতে সংঘৰ্ষত নিহত বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ পৰিয়াললৈ ২০ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ ঘোষণা কৰাৰ লগতে তেওঁৰ পৰিয়ালে কলিতাৰ অৱসৰৰ দিনাংকলৈ সম্পুৰ্ণ দৰমহা লাভ কৰি থাকিব বুলি কয়।