ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰতিবাদত কঁপি উঠিল সৰভোগ : শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ

protest

মহিলা বিশ্ববিদ্যালয় ধ্বংস কৰাৰ বাবে চৰকাৰে যি ষড়যন্ত্ৰ ৰচনা কৰিছে তাৰ বিৰুদ্ধে ৰাজ্যৰ চুকে-কোণে দেখা গৈছে প্ৰতিবাদ। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক ৰাজ্যৰ শিক্ষিত সমাজে তীব্ৰ ভাষাৰে গৰিহণা দিয়াও পৰিলক্ষিত হৈছে।

বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদৰ সমান্তৰালকৈ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বৃহস্পতিবাৰে সন্ধিয়া বৰপেটা জিলাৰ সৰভোগতো দেখা গ’ল উত্তাল প্ৰতিবাদ। ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যন ( S.F.I)ৰ বৰপেটা জিলা সমিতি আৰু বৰনগৰ আঞ্চলিক সমিতিৰ উদ্যোগত সৰভোগত শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন তথা অসমৰ একমাত্ৰ যোৰহাট মহিলা বিশ্ববিদ্যালয়ক কাৰিকৰী প্ৰতিষ্ঠানলৈ সলনি কৰিব বিচৰা প্ৰচেষ্টাক প্ৰতিবাদকাৰীসকলে তীব্ৰ ভাষাৰে গৰিহণা জনায়।

ইয়াৰ লগতে সন্ধিয়া সৰভোগ নগৰৰ মাজমজিয়াত সংগঠনটোৰ শতাধিক সদস্য/সদস্যাৰ উপস্থিতিত অসম চৰকাৰৰ শিক্ষা মন্ত্ৰীৰ পুত্তলিকা দাহ কৰে।

স্মৰ্তব্য যে কেন্দ্ৰীয় চৰকাৰে বেটি বচাওঁ বেটি পঢ়াও শ্ল’গান, মহিলা সৱলীকৰণ আদি প্ৰসংগ উত্থাপন কৰি থকা সময়তে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এনে ভূমিকাত বৰপেটা জিলাৰ সচেতন মহলে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।

আনহাতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ সমষ্টিত এনেদৰে ছাত্ৰ-ছাত্ৰীসকলে একমাত্ৰ মহিলা উচ্চ শিক্ষানুষ্ঠানখন উদ্ধাৰৰ বাবে ৰাজপথলৈ ওলায় অহা আৰু শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰা কাৰ্য্যই স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।