• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় ফুটবল দলৰ প্ৰবাদপ্ৰতীম নাগা খেলুৱৈ ডাঃ তালিমেৰেন আওৰ জন্ম শতবৰ্ষৰ ২১ বছৰ অনূৰ্ধ্ব উত্তৰ-পূব পৰিষদ স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 23, 2018 10:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডাঃ টি আও ২১ বছৰ অনূৰ্ধ্ব উত্তৰ-পূব পৰিষদ স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাখন আজি গুৱাহাটীত উদ্বোধন কৰে ভাৰতীয়  ফুটবল দলৰ প্ৰাক্তন অধিনায়ক, অৰ্জুন বঁটাপ্ৰাপক ব্ৰুন’ কুটিনহ’ৱে।

ব্ৰুন’ই আজি ছাইৰ নিউ ফিল্ডত প্ৰতিযোগিতাখন উদ্বোধন কৰি কয় ‘১৭ বছৰৰ অনূৰ্ধ্ব বিশ্বকাপত মণিপুৰৰে ৭-৮ গৰাকী খেলুৱৈয়ে ভাৰতীয় ফুটবল দলত খেলাৰ সুযোগ পোৱাটো উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ কথা’।

Apply Now

তেওঁ লগতে কয় যে ফুটবলৰ ক্ষেত্ৰখনত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ দ্ৰুত উত্থান হৈছে।

প্ৰাক্তন ফুটবলাৰ গৰাকীয়ে খেলুৱৈসকলক ১০০ শতাংশ মনোযোগেৰে খেলিবৰ বাবে আহ্বান জনায়।

‘সকলোৱে নিয়মানুবৰ্তিতা মানি চলি খেলিব লাগে আৰু ৰেফাৰি তথা প্ৰশিক্ষকক সন্মান কৰিব লাগে’ বুলি মন্তব্য কৰি তেওঁ আই এচ এলত কিছুসংখ্যক খেলুৱৈয়ে ৰেফাৰীৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰক ‘অনুচিত’ বুলি অভিহিত কৰে।

ডাঃ টি আও সোঁৱৰণী প্ৰতিযোগিতাখন ছাই (Sports Authority of India) আৰু উত্তৰ-পূব পৰিষদ (North East Council) যুটীয়াভাৱে আয়োজন কৰি আহিছে। ভাৰতীয় ফুটবল দলৰ এসময়ৰ অধিনায়ক, ভাৰতীয় ফুটবলৰ প্ৰবাদপ্ৰতীম নাগা খেলুৱৈ তালিমেৰেন আওৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এইবাৰ বিশেষভাৱে এই প্ৰতিযোগিতাখন গুৱাহাটীত আয়োজন কৰা হৈছে।

এসময়ত আৱে খেলা, গুৱাহাটীৰ শতবৰ্ষ গৰকা মহাৰাণা ক্লাবেও এইবাৰৰ বিশেষ প্ৰতিযোগিতাখনৰ আয়োজক হিচাপে সহযোগিতা আগবঢ়াইছে।

আয়োজকসকলে জনোৱা মতে অহা বছৰৰ পৰা পুনৰ নাগালেণ্ডতে এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

খেলৰ জগত ‘পূৰ্বতে ৰাজনীতিৰে ভৰি আছিল’ বুলি মন্তব্য কৰি অসমৰ ক্ৰীড়া প্ৰাধিকৰণৰ উপ সভাপতি, বিজেপি নেত্ৰী কুইন ওজাই কয় ‘কিছুমান খেলিব নজনা যুৱককো পূৰ্বতে ৰাজনীতি কৰি খেলিবলৈ পঠাই দিয়ে। ভৱিষ্যতে এনেকুৱা নহয় বুলি আশা কৰিছো।’

dr t ao gold cup football

মিজোৰামক বাদ দি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।

২৮ ফেব্ৰুৱাৰিত চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখনৰ বিজয়ী দলক ৩ লাখ টকা আৰু দ্বিতীয়, তৃতীয় স্থানৰ দলক ২ আৰু ১ লাখকৈ টকা আগবঢ়োৱা হ’ব।

উদ্বোধনী অনুষ্ঠানত এন ই চি ৰ উপদেষ্টা পি খাউণ্ড, প্ৰাক্তন আৰক্ষী বিষয়া হেমেন্দ্ৰ ব্ৰহ্ম, ভাৰতীয় ক্ৰীড়া সঞ্চালকালয়ৰ সদস্য বলেন চক্ৰবৰ্তীকে ধৰি ক্ৰীড়া ক্ষেত্ৰৰ সৈতে জড়িত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

June 8, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd