বিগত কিছু দিনৰ পৰা ধুমুহা-বৃষ্টিপাতে ব্যাপক ক্ষতিসাধন কৰিছে অসমৰ বিভিন্ন অঞ্চল। কৰবাত যদি গছ বাগৰি মানুহ মৰিছে কৰবাত উৰুৱাই লৈ গৈছে বাসগৃহ। এই প্ৰচণ্ড ধুমুহাই ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলতো সৃষ্টি কৰিছে সন্ত্ৰাস।
তেনে এজাক বিধংসী ধুমুহা বৰষুণে কোকৰাঝাৰৰ আলীনগৰস্থিত নিম্ন প্ৰাথমিক বিদ্যালয়খনৰো বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছিল। প্ৰচণ্ড ধুমুহা আৰু মুষলধাৰ বৰষুণে উক্ত নিম্ন প্ৰাথমিক বিদ্যালয়ৰ টিনপাত উৰুৱাই লৈ যোৱাৰ লগতে গৃহটি বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে।
বিদ্যালয়খনৰ এনে অৱস্থা হোৱাত শিক্ষা গ্ৰহণৰ পৰা প্ৰায় এসপ্তাহ ধৰি বিৰত থাকিবলগীয়া হয় শিক্ষানুষ্ঠাখনৰ ছাত্ৰ-ছাত্ৰীসকল।
লক্ষ্যণীয়ভাৱে ছাত্ৰ -ছাত্ৰীসকলৰ এই সমস্যা সমাধান কৰাৰ বাবে আগবাঢ়ি আহিল ভাৰতীয় সেনা। ৰেড হৰ্নছ ডিভিজনৰ সেনাৰ দলটোৱে ধুমুহাই উৰুৱাই লৈ যোৱা প্ৰাথমিক বিদ্যালয়খনৰ পুনঃনিৰ্মাণ তথা মেৰামতিৰ বাবে আগ ভাগ লোৱা পৰিলক্ষিত হ’ল।
উল্লেখ্য যে বহুদিন ধৰি পাঠদান ব্যাহত হৈ পৰাত স্থানীয় লোকে বিদ্যালয়খন মেৰামতি কৰাৰ বাবে অনুৰোধ জনাইছিল ভাৰতীয় সেনাক।
আলীনগৰবাসীৰ অনুৰোধ মৰ্মে ৰেড হৰ্ন ডিভিজনৰ গোটটোৱে যোৱা ৮ মে’ৰ পৰা আৰম্ভ কৰিলে বিদ্যালয়খনৰ মেৰামতিৰ কাম। দুদিনীয়া মেৰামতিৰ অন্তত সম্পূৰ্ণ হৈ উঠিল বিদ্যালয় গৃহ।
বিদ্যালয় গৃহটি পাঠদানৰ বাবে সাজু হৈ উঠাত ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়। আনহাতে আলীনগৰ গাঁওবাসীৰ অনুৰোধ ৰক্ষা কৰি ভাৰতীয় সেনাই বিদ্যালয়খন মেৰামতি কৰি দিয়াৰ বাবে অঞ্চলটোৰ জ্যেষ্ঠ লোকসকলে ভাৰতীয় সেনাক অশেষ ধন্যবাদ জ্ঞাপন কৰে।