শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত একাংশ লোকে সঘনাই মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে অশালীন মন্তব্য কৰাৰ লগতে ৰাজ্যখনত বিভিন্ন বিতৰ্কিত মন্তব্যৰে অশান্তি সৃষ্টি কৰাৰ সময়তে নগাঁও জিলাৰ ধিঙৰ ধূপগুৰি অঞ্চলৰ এজন যুৱকে ছ’চিয়েল মিডিয়াৰ টুইটাৰত বিতৰ্কিত মন্তব্য দি আৰক্ষীৰ জালত সোমাই পৰাৰ ঘটনাই সমগ্ৰ ধিং অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে।
জানিব পৰা মতে, নগাঁও জিলাৰ ধিঙৰ ধূপগুৰি অঞ্চলৰ ইক্ৰামূল হক নামৰ এজন যুৱকে ছ’চিয়েল মিডিয়াৰ টুইটাৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ বিৰ্তকিত মন্তব্য কৰিছিল। ইয়াৰ উপৰি ইক্ৰামুল হকে জাকিৰ চেনেল নামেৰে ভুৱা টুইটাৰ একাউন্ট খুলি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ভাবুকি দিয়াৰ লগতে ১৫ আগষ্টৰ দিনা গুৱাহাটী বোমাৰে উৰাই দিয়াৰ ভাবুকি দিছিল।
ইয়াতে ক্ষান্ত নাথাকি অসম আৰক্ষীকো তীব্ৰ প্ৰত্যাহ্বান জনাইছিল এই বিতৰ্কিত যুৱকজনে। এই মন্তব্যই অসম আৰক্ষীত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছিল আৰু ইয়াৰ পিছতে অসম আৰক্ষী ভুৱা একাউণ্ট ব্যৱহাৰ কৰা ইক্ৰামুলৰ সন্ধানত নামি পৰে।
অৱশেষত দেওবাৰে নগাঁও জিলাৰ জুৰীয়া আৰক্ষীয়ে ইক্ৰামুলক আটক কৰাৰ উপৰি ইক্ৰামুলে ব্যৱহাৰ কৰা কম্পিউটাৰ, লেপটপ, ম’বাইল জব্দ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যহত ৰাখিছে।আনহাতে এই ঘটনাৰ লগত সম্পৰ্ক ৰাখি নগাঁও জিলা আৰক্ষী অধীক্ষকে এক সংবাদ মেলৰো আয়োজন কৰে।
উল্লেখ্য যে, অসম আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই শুকুৰবাৰে নগাঁৱত ছ’চিয়েল মিডিয়াত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ সন্দৰ্ভত কোনোৱে আপত্তিজনক মন্তব্য দিলে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সকীয়াই দিয়াৰ পাছত ইক্ৰামুল চ’চিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য কৰি আৰক্ষীৰ হাতত আটক হোৱা ঘটনাই আৰক্ষীৰ সফলতাকে সূচাইছে বুলি নগাঁৱৰ সচেতন মহলে মতপোষণ কৰিছে।