NORTHEAST NOW (Assamese)

ভুৱা পিএইচডিৰে চাকৰি কৰি থকা অসমৰ কলেজ শিক্ষকক চিনাক্ত কৰিবলৈ দিচপুৰে গঠন কৰিব কমিটি

April 9, 2018 12:21 pm · এন ই নাও নিউজ
Updated: April 9, 2018 12:24 pm
সংবাদ মাধ্যমৰ আগত বক্তৱ্য ৰখাৰ মুহূৰ্তত শিক্ষামন্ত্ৰী : ফাইল ফটো

শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কয় যে ৰাজ্যখনৰ বিভিন্ন মহাবিদ্যালয়সমূহত ভুৱা পিএইচডি ডিগ্ৰীৰে চাকৰি কৰি থকা শিক্ষকসকলক চিনাক্ত কৰি উলিয়াবলৈ বিভাগে এখন কমিটি গঠন কৰিব।

‘’ৰাজ্য চৰকাৰে ভুৱা পিএইচডি ডিগ্ৰীৰে কাম কৰি থকাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব। আমি এখন কমিটি গঠন কৰিম যিয়ে এই গোচৰবোৰ এটা এটাকৈ পৰীক্ষা কৰি চাব,’’-সাংবাদিকৰ আগত শৰ্মাই এইদৰে কয়।

যোৱা শুকুৰবাৰে অসম বিধানসভাত মন্ত্ৰী শৰ্মাই কৈছিল যে অলপতে চাকৰি নিয়মীয়াকৰণ হোৱা এক বৃহৎ সংখ্যক শিক্ষকে মগধ বিশ্ববিদ্যালয়, বিনায়ক বিশ্ববিদ্যালয়ৰ দৰে প্ৰতিষ্ঠানৰ পৰা পিএইচডি ডিগ্ৰী গ্ৰহণ কৰিছে যিটো সন্দেহজনক আৰু পৰীক্ষা কৰিবলগীয়া।

ভুৱা বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী গ্ৰহণ কৰি বহুতে আন বিভাগতো চাকৰি কৰি আছে বুলি তেওঁ জনায়। ‘’যিবোৰ বিশ্ববিদ্যালয়ৰ ডিগ্ৰী গ্ৰহণযোগ্য নহয় সেইবোৰ জনাই আমি এখন জাননী জাৰি কৰিম। শিক্ষা আৰু পাৰ্চনেল বিভাগে এইক্ষেত্ৰত মিলি কাম কৰিব,’’-শৰ্মাই কয়।

ৰাজ্য চৰকাৰে আগেয়ে এই বিষয়টো চাবলৈ এখন কমিটি গঠন কৰিছিল। কিন্তু বহু কলেজৰ অধ্যক্ষই তেওঁলোকৰ শিক্ষকসকলৰ এই ডিগ্ৰীসমূহৰ তথ্য পাতি নপঠোৱাৰ বাবে বিষয়টো নিষ্পত্তি নহ’ল।

‘’কিন্তু এইবাৰ আমি যিসকল কলেজ শিক্ষকে তথ্য পাতি দাখিল নকৰে তেওঁলোকৰ দৰমহা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো,’’-শৰ্মাই কয়।

ভুৱা ডিগ্ৰীৰে কিমান শিক্ষকে চাকৰি কৰি আছে সেই সম্পৰ্কে তেওঁৰ কোনো ধাৰণা নাই বুলি উল্লেখ কৰি তেওঁ কয়, ‘’সংবাদ মাধ্যমৰ এক বাতৰি মতে এই সংখ্যা প্ৰায় ৩০০ মান হ’ব। কিন্তু সেয়া কেৱল কমিটিয়েহে নিশ্চিত কৰিব পাৰিব।‘’

শিক্ষামন্ত্ৰীয়ে যোৱা বছৰ এখন পৰ্যালোচনা সভাত প্ৰাৰ্থীগৰাকীয়ে ডিগ্ৰী লাভ কৰাৰ পূৰ্বৰ তিনি বছৰত ‘নাক’ৰ দ্বাৰা যোগ্যতা নিৰ্দ্ধাৰণ নোহোৱা বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰা পিএইচডি বা এম ফিল ডিগ্ৰী গ্ৰহণ নকৰাৰ সিদ্ধান্তৰ কথা কৈছিল।

Related News