আজি কেইবাদিনো ধৰি হোৱা বৰষুণৰ ফলত হাফ লং, শিলচৰ, লামডিঙকে ধৰি এক বিস্তীৰ্ণ অঞ্চল পানীৰে বুৰাই পেলাইছে। লগতে বিভিন্ন ঠাইত অব্যাহত আছে ভূমিস্খলন।
ফলত আজি শেহতীয়াকৈ লামডিং আৰু শিলচৰৰ মাজত ৰে’ল চলাচল বন্ধ কৰা বুলি জানিব পৰা গৈছে।
তাৰোপৰি ফাইডিং, মাহুৰ, নেউ হাফলং ,ঝাটিংগাত বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে ৰে’ল চলাচল বন্ধ কৰা হৈছে। বাতিল কৰা হৈছে কেইবাখনো ৰে’ল।
আনহাতে ২৫৬৫৭ শিয়ালদা-শিলচৰ কাঞ্চনজংঘা ৰে’ল লামডিঙলৈকে চলিব। কিন্তু ইয়াৰ বিপৰীতে শিলচৰ ফাষ্ট যাত্ৰীবাহী ৰে’ল ৫৫৬৫এ নম্বৰৰ ৰে’লখন বাতিল কৰা কৰা হৈছে।
ইফালে এনেদৰে হঠাতে ৰে’ল বাতিল কৰাত ৰে’ল যাত্ৰী সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু ৰে’ল যাত্ৰী সকলে লামডিং ৰে’ল ষ্টেচনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। আনকি ৰে’ল যাত্ৰী সকলে তেওঁলোকক ৰে’ল বিভাগে পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা নিদিয়াৰো অভিযোগ তুলিছে।
বৰ্তমান লামডিং ৰে’ল ষ্টেচনত লামডিঙৰ ডি আৰ এম উপস্থিত হোৱা বুলি জানিব পৰা গৈছে।