NORTHEAST NOW (Assamese)

মণিপুৰৰ ৰাজ্যপাল হিচাপে অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰিব অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে

May 2, 2018 10:04 am · চভাপতি চামম
Updated: May 2, 2018 10:09 am
অসমৰ ৰাজ্যপাল জগদীশ মুখী

বৃহস্পতিবাৰে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে মণিপুৰৰ ৰাজ্যপাল হিচাপে দায়িত্ব গ্ৰহণ কৰিব। চাৰি সপ্তাহৰ বাবে মণিপুৰৰ ৰাজ্যপাল ড০ নাজমা হেপতুল্লাহৰ অনুপস্থিতিত অসমৰ ৰাজ্যপাল জগদীশ মুখীক এই অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে।

মণিপুৰৰ অতিৰিক্ত ৰাজ্যপাল হিচাপে দায়িত্ব দিয়া অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে ইম্ফলস্থিত ৰাজভৱনত বুধবাৰে আবেলি ৩ বজাত দায়িত্ব গ্ৰহণ কৰিব।

উল্লেখ্য যে মণিপুৰৰ স্থায়ী ৰাজ্যপাল নাজমা হেপতুল্লাই আজি আমেৰিকা যুক্তৰাষ্ট্ৰলৈ উৰা মাৰিব। সেয়ে যোৱা ২৭ এপ্ৰিলত ৰাষ্ট্ৰপতি ভৱনৰ পৰা অহা এক নিৰ্দেশ অনুযায়ী নাজমা হেপতুল্লাৰ অনুপস্থিতিত অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে অতিৰিক্ত ৰাজ্যপাল হিচাপে মণিপুৰৰ দায়িত্ব গ্ৰহণ কৰিব।

উল্লেখ্য যে ২০১৪ত কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা এতিয়ালৈ মণিপৰুত ৫ গৰাকী ৰাজ্যপালে দায়িত্ব গ্ৰহণ কৰিছে। আৰু জগদীশ মুখী হ’ব মণিপুৰৰ ষষ্ঠ ৰাজ্যপাল।

জগদীশ মুখী এজন ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসমৰ ৰাজ্যপাল। তেওঁ ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱী সংঘৰ সদস্য। অসমৰ ৰাজ্যপাল নিযুক্ত হোৱাৰ আগতে তেওঁ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপ-ৰাজ্যপাল হিচাপে কৰ্মৰত আছিল। ইয়াৰ আগতে তেওঁ দিল্লী চৰকাৰৰ বিত্ত, পৰিকল্পনা, আৱকাৰী আৰু কৰ আৰু উচ্চ শিক্ষা মন্ত্ৰী হিচাপে সেৱা আগবঢ়াইছিল।

মনকৰিবলগীয়া যে ১৯৯৭ চনত তেতিয়াৰ পৰিকল্পনা মন্ত্ৰী প্ৰণৱ মুখাৰ্জীয়ে জগদীশ মুখীক শ্ৰেষ্ঠ বিত্ত আৰু পৰিকল্পনা মন্ত্ৰীৰ পুৰস্কাৰ প্ৰদান কৰে আৰু ২০০২ চনত লোকসভাৰ অধ্যক্ষ মনোহৰ যোসীয়ে তেওঁক শ্ৰেষ্ঠ বিধায়কৰ সন্মান প্ৰদান কৰে।

Related News