বিপিএফৰ সভাপতি তথা বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে শেহতীয়া মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ তেওঁ সন্তুষ্ট। তেওঁ লগতে স্পষ্টভাৱে ব্যক্ত কৰে যে অসমৰ লগতে বড়োলেণ্ডৰ বিকাশহে গুৰুত্বপূৰ্ণ কথা।
কেবিনেটত মন্ত্ৰীসকলে কোনে কোনটো বিভাগ পালে সেয়া গুৰুত্বপূৰ্ণ নহয় বুলি মন্তৱ্য কৰে বিটিচিৰ মুৰব্বীগৰাকীয়ে। মন্ত্ৰীসকলে নিজকে অসম আৰু বিটিচি শাসিত অঞ্চলৰ বিকাশ তথা উন্নয়নত নিজকে আত্মনিয়োগ কৰাটোহে সময়ৰ দাবী বুলি তেওঁ উল্লেখ কৰে।
শুকুৰবাৰে কোকৰাঝাৰৰ বাথৌ কমপ্লেক্সত অনুষ্ঠিত বিপিএফৰ নীতি নিৰ্দ্ধাৰক সমিতিৰ বৈঠক চলি থকাৰ মাজতে মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য প্ৰকাশ কৰিছিল। তেওঁ লগতে জানিবলৈ দিয়ে যে তেওঁলোকৰ বিধায়ক প্ৰমীলা ৰাণী ব্ৰহ্ম, চন্দন ব্ৰহ্ম আৰু ৰিহন দৈমাৰীক প্ৰদান কৰা দপ্তৰক লৈ বিপিএফৰ কোনো ক’বলগীয়া নাই। তাৎপৰ্যপূৰ্ণভাৱে তেওঁ মন্তব্য কৰে যে দলে দলে এয়া যথেষ্ট বুলি অনুভৱ কৰিছে।
বিপিএফৰ নীতি নিৰ্দ্ধাৰক সমিতিৰ বৈঠকখনত উপস্থিত আছিল মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, ৰিহন দৈমাৰী, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, দলৰ সাধাৰণ সম্পাদক ইমানুৱেল বসুমতাৰী, বিধায়ক ৰবিৰাম নাৰ্জাৰী আৰু কমলী বসুমতাৰীৰ লগতে অন্যান্যসকল।
মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পিছত বন বিভাগ এৰি দিবলগীয়া হোৱাত প্ৰমীলাৰাণী ব্ৰহ্মই কিছু অসন্তুষ্টি প্ৰকাশ কৰিছিল যদিও হাগ্ৰামাই এইক্ষেত্ৰত কোনোধৰণৰ উৎসাহ নোযোগোৱাত বিষয়টোৱে চৰ্চা লাভ নকৰিলে।