‘মষ্ট ৱাণ্টেড’ চোৰাংচিকাৰী ইয়াকুব আলীক গ্ৰেপ্তাৰ

চোৰাংচিকাৰী ইয়াকুব আলী

অৱশেষত বন বিভাগৰ জালত পৰে ‘মষ্ট ৱাণ্টেড’ দুৰ্ধৰ্ষ চোৰাংচিকাৰী ইয়াকুব আলী। আজি মহানগৰীৰ পানবজাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ উত্তৰ সংমণ্ডলৰ বন বিষয়াৰ এটা দলে  ইয়াকুব আলীক আটক কৰে।

উল্লেখযোগ্য যে ধৃত আলী ২৯ মে’ত বিশ্বনাথৰ পাণপুৰত সংঘটিত গঁড় চিকাৰৰ মূল অভিযুক্ত আছিল। এই ঘটনাৰ সংক্ৰান্তত এতিয়ালৈকে ৫জন চোৰাংচিকাৰীক আটক কৰা হৈছে বুলিও সংশ্লিষ্ট বন বিষয়া সকলে জানিবলৈ দিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ উত্তৰ সংমণ্ডলৰ বন সংমণ্ডল বিষয়া প্ৰাঞ্জল বৰুৱাই কয় যে ২৯ মে’ৰ গঁড় চিকাৰৰ ঘটনাত মুঠ ১০জন চোৰাংচিকাৰী জড়িত আছিল, ইয়াৰে ৫জনক এতিয়ালৈকে আটক কৰা হৈছে। ইয়াকুব আলী উক্ত ঘটনাৰ মূল শ্বুটাৰ আছিল বুলি তেওঁ লগতে উল্লেখ কৰে।

ইয়াৰ উপৰি ধৃত আলী ২০১৪ চনৰ এক গঁড় চিকাৰৰ গোচৰতো অভিযুক্ত। সেই  সংক্ৰেন্ততে চি বি আইয়ে তেওঁৰ ওপৰত চাৰ্জ শ্বীট দাখিল কৰিছিল। চি বি আইৰ গোচৰৰ জামিন ল’বলৈ আদালতলৈ অহা ইয়াকুবক পানবজাৰৰ মেঘদূত ভৱনৰ সমীপত বন বিষয়াৰ জালত পৰে।