মহাকাশলৈ প্রথমটো উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ভূটান

Bhutan-s

অহা মে’ মাহত মহাকাশলৈ প্রথমটো উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু হৈছে ভূটান।

ভূটানৰ পৰা প্ৰকাশিত বাতৰি কাকত ‘কুৱেনছেল’ৰ উদ্ধৃতিৰে সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা বাতৰি অনুসৰি ‘ভূটান-১’ নামৰ নেন’ প্ৰযুক্তিৰ উপগ্ৰহটোৰ প্ৰায় ৯০ শতাংশ কাম শেষ হৈছে আৰু মে’ মাহত উপগ্ৰহটো উৎক্ষেপণ কৰিব পৰা হ’ব।

চাৰি গৰাকী ভূটানী অভিযন্তাৰ প্ৰচেষ্টাত সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে নিৰ্মিত এই উপগ্ৰহটো উৎক্ষেপণক লৈ এতিয়া ৰাষ্ট্ৰখনত চলিছে তীব্ৰ চৰ্চা।

উল্লেখ্য যে যোৱা ‘বাৰ্ডছ-২’ প্ৰকল্পৰ অধীনত ২০১৬ চনৰ নৱেম্বৰ মাহত এই উপগ্ৰহ উৎক্ষেপণৰ প্ৰাথমিক কাম-কাজ আৰম্ভ কৰা হৈছিল।

সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা অনুসৰি ‘ভূটান-১’ নামৰ উপগ্ৰহটো উৎক্ষেপণৰ পাছত ইয়ে ৫০০ৰ পৰা ১৫০০ কিলোমিটাৰ উচ্চতাত অৱস্থান গ্ৰহণ কৰিব।দুটাকৈ অত্যাধুনিক কেমেৰা সংযোজিত হৈ থাকিবলগীয়া উপগ্ৰহটোৱে মহাকাশৰ পৰা ৰাষ্ট্ৰখনৰ উচ্চ মানৰ আলোকচিত্ৰকে আদি কৰি অন্যান্য বিষয় সমূহৰ অনুসন্ধান চলাব পাৰিব।

উল্লেখ্য যে ভূটানৰ প্ৰধানমন্ত্ৰী টি টবগে ইতিমধ্যে নিজৰ টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে যে প্ৰথমটো উপগ্ৰহ উৎক্ষেপণৰ ধাৰণা আৰু লক্ষ্য দেশখনৰ ৰজাৰ পৰাই লাভ কৰা হৈছে।

সম্প্ৰতি মহাকাশলৈ প্রথমটো উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু হোৱা ভূটানৰ জনসাধাৰণৰ মাজতো এই বাতৰিক লৈ যথেষ্ট উৎসুকতাৰ সৃষ্টি হৈছে।