মহানগৰীৰ চেনিকুঠিত কিশোৰীক যৌন নিৰ্যাতন নিৰাপত্তাৰক্ষীৰ

যৌন নিৰ্যাতন

ৰাজ্যখনত যে বৰ্তমান মহিলা, যুৱতী, কিশোৰী তথা নাবালিকাৰ কোনো নিৰাপত্তা নাইকিয়া হৈছে এই কথা কে  প্ৰমাণ কৰি মহানগৰীত সংঘটিত হয় আন এক যৌন নিৰ্যাতনৰ ঘটনা।

প্ৰাপ্ত তথ্য মতে এই ঘটনা সংঘটিত হয় মহানগৰীৰ চেনিকুঠিত। চেনিকুঠিৰ এটা ফ্লেটৰ এজন নিৰাপত্তাৰক্ষীয়ে এগৰাকী কিশোৰীক বুধবাৰে নিশা যৌন নিৰ্যাতন চলোৱা জানিব পৰা গৈছে। নিৰাপত্তাৰক্ষী গৰাকীয়ে কিশোৰী গৰাকীক এটা বন্ধ কোঠাৰ ভিতৰত যৌন নিৰ্যাতন চলায়।

পিছত ঘটনা সম্পৰ্কত স্থানীয় ৰাইজে জানিব পাৰি কিশোৰী গৰাকীক লম্পটটোৰ হাতৰ পৰা উদ্ধাৰ কৰাৰ লগতে চানমাৰি আৰক্ষীক ঘটনা সম্পৰ্কত অৱগত কৰে।

আনহাতে ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিৰাপত্তাৰক্ষী তথা লম্পটটোক আটক কৰাৰ লগতে কিশোৰী গৰাকীক উদ্ধাৰ কৰে। কিশোৰী গৰাকীক উদ্ধাৰ কৰি অাৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে হস্পিতাললৈ প্ৰেৰণ কৰে।

ধৃত লম্পটটোক আৰক্ষীয়ে ৰবিন্দ্ৰ ফুকন বুলি চিনাক্ত কৰিছে আৰু ফুকনক চানমাৰি আৰক্ষী থানাত জেৰা অব্যাহত ৰখা বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।