মাজুলী জিলাত আজিৰে পৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অদ্যাৱধিকৰণ প্ৰক্ৰিয়াৰ অন্তিম পৰ্যায়ৰ নথিভূক্তকৰণ পৰ্ব আৰম্ভ হৈছে।
উল্লেখযোগ্য যে অহা ৩০ জুনৰ ভিতৰত এন আৰ চি অদ্যাৱধিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে দিয়া সময়সীমাৰ আধাৰত অন্তিম পৰ্যায়ৰ কাম কাজ সম্পন্ন কৰিবলৈ মাজুলীতো জোৰদাৰ প্ৰয়াস চলাইছে জিলা প্ৰশাসনে।
ইতিমধ্যে বংশবৃক্ষ, গাঁও পঞ্চায়তৰ সচিবৰ প্ৰমাণ পত্ৰ আদি নথি পৰীক্ষণ সম্পূৰ্ণ কৰাৰ পিছত মাজুলীত এতিয়া অন্তিম পৰ্যায়ৰ ‘মন্তব্য পৰীক্ষণ প্ৰতিবেদন’ নথিভুক্তকৰণ (ডাটা এন্ট্ৰি) আৰম্ভ হৈছে ।
এই অন্তিম নথিভুক্তকৰণ প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিব পৰাকৈ সংশ্লিষ্ট সকলোকে সস্তম কৰাৰ বাবে মাজুলীৰ উপায়ুক্ত তথা ডি আৰ চি আৰ দেৱপ্ৰসাদ মিশ্ৰৰ সভাপতিত্বত আজি উপায়ুক্তৰ কাৰ্যালত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।
উক্ত সভাত অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথ, ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মা, কাৰ্যবাহী দণ্ডাধীশ অচ্যুৎ বৰুৱাই অংশগ্ৰহন কৰে।