মাজুলীৰ লুইতপৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত মোৱামাৰী গাঁৱত খাদ্যত বিষক্ৰিয়া হোৱা ৩৯ গৰাকীক শেহতীয়াকৈ সদৰ গড়মূৰ অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। এই আক্ৰান্ত সকলোকে গড়মূৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ মাণিৰ মিলিৰ নেতৃত্বত ৬ জনীয়া চিকিৎসকৰ দল এটাই চিকিৎসা সেৱা আগবঢ়াই আছে।
উল্লেখযোগ্য যে মাজুলীৰ জিলা স্বাস্থ্য বিভাগৰ তত্বাৱধায়ক ডাঃ শশীধৰ ফুকনে জনোৱা মতে চিকিৎসালয়খনত ভৰ্তি কৰোৱা আটাইকেইগৰাকী লোকৰে অৱস্থা বৰ্তমান সুস্থিৰ আৰু সংকটমুক্ত। নিশাটো তেওঁলোকক চিকিৎসকৰ নিৰীক্ষণত ৰাখি কাইলৈ আগবেলাৰ ভাগতে সকলোকে ঘৰলৈ যাবলৈ দিব পৰা হ’ব বুলিও তেঁও লগতে আশা প্ৰকাশ কৰে।
উল্লেখযোগ্য যে বুধবাৰে নিশা প্ৰশান্ত পেগুৰ ঘৰত জন্মদিনৰ অনুষ্ঠানত মাহ-প্ৰসাদ খোৱাৰ পাছত আজি পুৱা ১১মান বজাত প্ৰথমে বমি, জ্বৰ আৰু শৌচ হোৱাৰ বাবে গাঁওখনৰ দুগৰাকী শিশুক নিকটৱৰ্তী ৰতনপুৰ মিৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পৰিয়ালে লৈ আনে। দুপৰীয়ালৈ গাঁওখনৰ ভালেসংখ্যক লোকৰো একেধৰণৰ জ্বৰ, বমি, ঘন শৌচ হোৱাত পৰিয়ালে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোলৈ আনে।
আনহাতে ঘটনাৰ বিষয়ে জানিব পাৰি অতিৰিক্ত উপায়ুক্ত নৰেণ দাস, কাৰ্যবাহী দণ্ডাধীশ মগেন নৰহ আৰু জিলা স্বাস্থ্য বিভাগৰ তত্বাৱধায়ক ডাঃ শশীধৰ ফুকনে দুপৰীয়াৰ ভাগতে ৰতনপুৰ মিৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ গৈ জৰুৰী চিকিৎসা অভিযানৰ তদাৰক কৰে।
ইতিমধ্যে এম্বুলেন্সসহ চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ পৃথক দল গাঁওখনলৈও প্ৰেৰণ কৰি ঘৰত থকা লোকসকলৰ মাজত অধিক আক্ৰান্ত লোকৰ সন্ধান কৰে। আক্ৰান্ত সকলৰ ভিতৰত ২৬ টি শিশুও আছে।
ইফালে গড়মূৰ অসামৰিক চিকিৎসালয়ত বিয়লি অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথ, সহকাৰী আয়ুক্ত ডাঃ জোনালী গগৈ, ৰাজহ চক্ৰ বিষয়া অজিত শৰ্মাই বাহৰ পাতি আক্ৰান্তসকলৰ চিকিৎসাৰ বুজ লয়। সন্ধিয়া গড়মূৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰয়ো আক্ৰান্ত লোকসকলৰ খবৰ লোৱাৰ লগতে তেওঁলোকক প্ৰদান কৰা চিকিৎসা সেৱা কাৰ্য নিৰীক্ষণ কৰে।