মাজুলীৰ ভৌগোলিক সুৰক্ষাক লৈ কৰা ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ কৰ্মকাণ্ডই শেহতীয়াকৈ স্তম্ভিত কৰি তুলিছে মাজুলীবাসীক।
উল্লেখযোগ্য যে মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই আজি (২৩ এপ্ৰিল) ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ প্ৰায় ১৬০ কোটি টকীয়া “ব্ৰহ্মপুত্ৰৰ বান-খহনীয়াৰ পৰা মাজুলীৰ স্থায়ী সুৰক্ষা প্ৰকল্প”ৰ ৰূপায়ণ কাৰ্যৰ অগ্ৰগতি পৰ্যালোচনা কৰে।
ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিষয়া-অভিযন্তা আৰু এই প্ৰকল্প ৰূপায়ণৰ দায়িত্বত থকা নিৰ্মাণকাৰী প্ৰতিষ্ঠান টি কে ইঞ্জিনিয়াৰিং কনছালটেন্সীৰ শীৰ্ষ কাৰ্যনিৰ্বাহক তলৱ কৰি উপায়ুক্ত মিশ্ৰই নিজ কাৰ্যালয় কক্ষত সোমবাৰে অনুষ্ঠিত কৰা এখন বৈঠকত মাজুলীবাসীৰ ভৱিষ্যতৰ প্ৰশ্ন জড়িত হৈ থকা এই গুৰুত্বপূৰ্ণ প্ৰকল্পটোৰ কাৰ্য ৰূপায়ণ এই পৰ্যন্ত আশাপ্ৰদ হৈ নুঠাক লৈ ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু টি কে ইঞ্জিনিয়াৰিং কনছালটেন্সীৰ পৰা কৈফিয়ৎ বিচাৰে।
নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে যোৱা ৬ এপ্ৰিলত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অধ্যক্ষ আৰু মাজুলীৰ উপায়ুক্তৰ আগত দিয়া প্ৰতিশ্ৰুতি অনুসৰি এতিয়ালৈকে সম্পূৰ্ণ কৰিবলগা কামৰ নিৰ্ধাৰিত লক্ষ্যৰ এক তৃতীয়াংশৰো কাষ চাপিব নোৱাৰাক লৈ উপায়ুক্ত মিশ্ৰই টি কে ইঞ্জিনিয়াৰিং কনছালটেন্সীৰ লগতে ব্ৰহ্মপুত্ৰ ব’ৰ্ডক সমালোচনা কৰে।
বৈঠকত জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত উপায়ুক্ত নৰেণ দাস, ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মা, সহকাৰী আয়ুক্তদ্বয় অচ্যুৎ বৰুৱা, নিতিষা বৰাই অংশ গ্ৰহণ কৰাৰ বিপৰীতে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অধীক্ষক অভিযন্তা দেৱেন শৰ্মা, কাৰ্যবাহী অভিযন্তা এম কে বি চিংল’, সহকাৰী কাৰ্যবাহী অভিযন্তা পৰাগজিৎ শৰ্মা আৰু টি কে ইঞ্জিনিয়াৰিং কনছালটেন্সীৰ সঞ্চালক টেকি তাৰা, টেকনিকেল কন্ছালটেণ্ট বৰা এটে আৰু প্ৰকল্প তত্বাৱধায়ক উপস্থিত থাকে।
আজিৰ বৈঠকত উপায়ুক্তই মাজুলীবাসীৰ জীৱন-সম্পত্তিক লৈ হেতালি খেলাৰ পৰা বিৰত থাকি ৰূপায়ণকাৰ্য ক্ষিপ্ৰতাৰে আগবঢ়াই নিবলৈ টি কে ইঞ্জিনিয়াৰিং কনছালটেন্সী আৰু ব্ৰহ্মপুত্ৰৰ ব’ৰ্ডক কঠোৰ ভাৱে সঁকীয়াই দিয়ে। বৈঠকত টি কে ইঞ্জিনিয়াৰিং কনছালটেন্সীয়ে অহা ৩০এপ্ৰিলৰ ভিতৰত ৪১টা স্থানত ১৫,০০০টা পৰ্কুপাইন সংস্থাপন কৰিব বুলি উপায়ুক্তক অৱগত কৰে।
একেদৰে প্ৰতিষ্ঠানটোৱে অহা ১০ মে’ৰ ভিতৰত নতুনকৈ ৫০,০০০টা জিঅ’ বেগ আৰু পুনৰ ২০ মে’ৰ ভিতৰত অতিৰিক্ত ভাৱে আন ২০,০০০টা জিঅ’বেগ মাজুলীত আনি মজুত কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।
ইফালে এতিয়াৰে পৰা ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিষয়া-অভিযন্তায়ো টি কে ইঞ্জিনিয়াৰিং কনছালটেন্সীৰ ৰূপায়ণ কাৰ্য নিৰন্তৰ নিৰীক্ষণ কৰি দৈনিক উপায়ুক্তক অগ্ৰগতিৰ প্ৰতিবেদন দিব লাগিব।