নাগালেণ্ডৰ সুন্দৰী তথা প্ৰাক্তন মিছ ৱৰ্ল্ড বিউটি ইণ্ডিয়া ইমলিবেনলা ৱাটি লৈ আহিছে এক সু-খবৰ। মিছ ছুপাৰ টেলেণ্ট ৱৰ্ল্ড ২০১৮ৰ বাবে এম্বেছেডৰ তথা বিচাৰকৰ বাবে নিৰ্বাচিত হৈছে সুন্দৰী ৱাটি।
এই বিশ্বমানৰ সুন্দৰী প্ৰতিযোগিতাখন অহা ২৯ এপ্ৰিলৰ পৰা ১১ মে লৈ অনুষ্ঠিত হ’ব কোৰিয়াৰ ছেউল চহৰত।
উল্লেখযোগ্য যে এইগৰাকী নাগালেণ্ডৰ সুন্দৰী ৱাটিয়ে ২০১২ চনত নিজৰ ১৭ বছৰ বয়সতে মিছ নাগালেণ্ডৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল। এই খিতাপ দখল কৰা ৱাটিয়েই হৈছে নাগালেণ্ডৰ আটাইতকৈ কনিষ্ঠতম সুন্দৰী।
আনহাতে ৰুবাৰু মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ প্ৰথম ৰানাৰ্ছ আপ হোৱাৰ লগতে ২০১৫ চনত মিছ ৱৰ্ল্ড বিউটি ইণ্ডিয়াৰো খিতাপো অৰ্জন কৰে ৱাটিয়ে।
মিছ ৱৰ্ল্ড বিউটি ইণ্ডিয়াৰ খিতাপ দখল কৰাৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো নিজৰ সৌন্দৰ্যতা দাঙি ধৰিবলৈ সক্ষম হয়। ৱাটিয়ে মিছ পান কণ্টিনেণ্টেলৰ ফাইনেলত নৱম স্থান দখল কৰাৰ লগতে টুৰিজিম আৰু হিউমেনিটিত উপ শিৰোনাম বিজয়ী হ’বলৈ সক্ষম হৈছিল।
ইয়াৰ উপৰি নাগালেণ্ডৰ সুন্দৰীগৰাকীয়ে চীনৰ চাংঘাইত অনুষ্ঠিত হোৱা মিছ এছিয়া পেছিফিক ৱৰ্ল্ড ২০১৬তো ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছিল। আনহাতে একেটা বছৰতে মিছ ছুপাৰ টেলেণ্ট ৱৰ্ল্ড ২০১৬ৰ প্ৰতিযোগিতাত ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰি দেশবাসীৰ লগতে নাগালেণ্ডবাসীক গৌৰৱান্বিত কৰিছিল।
মডেলিঙ জগতৰ লগত জড়িত থকাৰ উপৰি তেওঁ গুৱাহাটীস্থিত এনইএফ ল কলেজৰ ছাত্ৰী আছিল।